পৃষ্ঠা:অনিমা গুহ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 উল্লিখিত প্ৰভাতীদি এগৰাকী বিদূষী মহিলা, ৰসৰো ভঁৰাল তেওঁ। ইণ্ডিয়ান কাউন্সিল ফৰ ছ'চিয়েল চায়েন্স ৰিছাৰ্চ (ICSSR)ৰ ফেল’শ্বিপ এটা লৈ ইতিহাসৰ বিষয় এটাত তেওঁ গৱেষণা কৰিছিল। তেওঁৰে মোৰে একে অৱস্থা। পঢ়া-শুনা দুয়ো যথেষ্ট কৰিলো, কিন্তু স্থায়ী কোনো চাকৰি কৰা নহ'ল। গৃহস্থৰ পিছে পিছে ঘূৰি ঘূৰি জীৱন কটালো। আমাৰ অৱস্থা কাণ্ডাৰীহীন নাৱৰ দৰে। যেতিয়া যি ঘাটত নাওখন লাগিছে তাতেই কিবা বুটলিবলৈ চেষ্টা কৰিছো। অৱশ্যে তাৰ বাবে কোনো খেদ নাই। যি পাইছো সেয়ে বহুত। প্ৰভাতীদিৰ স্বামী অধ্যাপক ৰামকৃষ্ণ মুখাৰ্জী এগৰাকী খ্যাতনামা সমাজতত্ত্ববিদ। প্ৰতি বছৰে আমেৰিকাৰ কোনোবা এখন বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিবলৈ গৈছিল। তেওঁলোকৰ সংস্পৰ্শলৈ আহি মই নানাভাৱে উপকৃত হৈছো।

 অকল প্ৰভাতীদিয়ে নহয় আন এগৰাকী কাণ্ডাৰীহীন নাৱৰ যাত্ৰী আছিল জয়া চৌধুৰী। মোতকৈ জয়া দহ বছৰমানৰ সৰু হ'লেও আমাৰ মাজত গভীৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল। পোষ্ট ডক্টৰেট ফেল' হিচাপে মই মাহিলী দৰমহা পাইছিলো ছশ টকা আৰু ছিনিয়ৰ ফেল’ হিচাপে জয়াই পাইছিল পাঁচশ। তেতিয়াৰ দিনত সেই টকাৰ মূল্য যথেষ্ট আছিল। ছানাৰ মিঠাই আমাৰ দুয়োৰে আছিল বৰ প্ৰিয়। দৰমহাৰ টকাকেইটা পালে পোনে পোনে দক্ষিণ কলকাতাৰ গোলপাৰ্কত থকা প্ৰসিদ্ধ মিঠাই বিক্ৰেতা গাংগুৰামৰ দোকানত সোমাইছিলো। কেতিয়াবা গৈছিলো কলেজ ষ্ট্ৰীটত পুঁটিৰামৰ দোকানত বুটৰ দাইল আৰু পুৰি খাবলৈ।

 মিঠাইৰ প্ৰসংগত মনত পৰিছে আৰু দুটা কথালৈ। কটন কলেজত পঢ়াৰ সময়ত বৃত্তিৰ টকাকেইটা পালে পোনে পোনে গৈছিলো পাণবজাৰৰ শ্বেখ ব্ৰাদাৰ্ছৰ দোকানৰ পৰা কেডবেৰী চকলেট কিনিবলৈ। তেতিয়াৰ দিনত আঠ অনাত (আজিৰ পঞ্চাশ পইচা) এটা মজলীয়া আকাৰৰ চকলেট পাইছিলো। দ্বিতীয় স্মৰণীয় কথাষাৰ বহুবছৰ পাছৰ। কলকাতাবাসী হৈ থাকোতে প্ৰায়ে গুৱাহাটী আৰু কোকৰাঝাৰলৈ আহিছিলো। এবাৰ মোৰ জা কৰৱী আৰু মই ৰিক্সা এখন লৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে দিনটো ঘূৰা ঘুৰি কৰি ঘৰলৈ ওভোতাৰ পথত পাণবজাৰৰ গুৱাহাটী ডায়েৰীত সোমালো মিঠাই খাবলৈ আৰু ঘৰৰ বাবে কিনিবলৈ। ভোকো লাগিছিল, দুয়ো মনৰ আনন্দত অলপ বেছিকৈয়ে খালো নেকি, কিয়নো ৰাতি আৰু সিদিনা আমি ভাত নাখালো। আজি সেইবোৰ দিনৰ কথা মনত পৰিলে ভাবো কেনেকৈনো সেইবোৰ হজম কৰিছিলো। খোৱাৰ গল্প বহুতো কোৱা হ'ল। এইবাৰ কামৰ কথালৈ আহো।

৫৮/ বাকীছোৱা জীৱন