পৃষ্ঠা:অনিমা গুহ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এণ্ট্ৰেন্স পৰীক্ষাবোৰ আৰম্ভ হৈছে। ধানবাদৰ মাইনিং কলেজত সাক্ষাৎকাৰলৈ মাতিছে। ইফালে পুনৰ উচ্চতৰ মাধ্যমিকৰ ৰুটিন দিছে। মোৰ অপাৰেশ্যনৰ তাৰিখো পিছুৱাবলগীয়া হ’লো। ঘৰত এক অনিশ্চয়তাৰ পৰিবেশ। হাঁহিবলৈ পাহৰি গৈছিলো।

 জয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পাছত সকলো টেনশ্যনৰ অৱসান ঘটিল যিদিনা খবৰ পালো জয় ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকনলজিত (আই আই টি) ভৰ্তি হ’বলৈ দিয়া বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছে।

 এইখিনিতে এটা কথা মনত পৰিল। ‘আজকাল’ নামৰ বাংলা দৈনিকখনত এজনে লিখিছিল যে বৰ্তমান যুগত মাক-দেউতাকসকলে ল’ৰা-ছোৱালী ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটো বিচাৰে, কাৰণ সেইবোৰ চাকৰিত পইচা আছে। কোনেও নিবিচাৰে যে সিহঁত কবি হওক, সাহিত্যিক হওক বা সমাজকৰ্মী হওক। লগে লগে মই উত্তৰ এটা দিছিলো যে ইঞ্জিনিয়াৰ বা ডাক্তৰৰ মাক হোৱাতকৈ ৰবীন্দ্ৰনাথৰ মাক হোৱা হ'লে জীৱন বেছি সাৰ্থক যেন লাগিলহেঁতেন। কিন্তু আমাৰ দৰে মাটি-বাৰীহীন মানুহৰ বাবে পেট প্ৰৱৰ্তাবলৈ এটা উপাৰ্জনৰ প্ৰয়োজন। সোতৰ ওঠৰ বছৰ বয়সত উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছতে টেক্ নিকেল লাইনত সোমাব পাৰিলে কিবা এটা কৰি খাব পাৰিব বুলি অভিভাৱক নিশ্চিত হ’ব পাৰে। অন্ততঃ মোৰ ক্ষেত্ৰত সেইদৰেই ভাবিছিলো। ‘আজকালে’ মোৰ লেখাটোৰ ‘মা ও ছেলে’ শিৰোনাম দি চকুত পৰাকৈ ছপাইছিল। কাষত দিছিল মা মেৰীৰ কোলাত শিশু যীশুৰ এখন ছবি।

 দেউতাকে জয়ক খড়গপুৰ আই আই টিত ভৰ্তি কৰাবলৈ লৈ যোৱাৰ দিনা মোৰ মনৰ অৱস্থা কেনে হৈছিল তাক উপলব্ধি কৰিব পাৰিব যিসকল মাকৰ এনে অভিজ্ঞতা হৈছে, বিশেষকৈ যাৰ একেটি সন্তান। আজিও সেই দিনটোলৈ মনত পৰিলে বুকুত বেদনা অনুভৱ কৰো। ছোৱালী বিয়া দিলেও মাকৰ একেই অনুভূতি হয়। সিদিনা উদং ঘৰখনত থাকিব নোৱাৰি উদ্দেশ্যবিহীনভাৱে ঘৰৰ পৰা ওলাই গৈছিলো। আমাৰ ঘৰৰ পৰা দুমাইলমান আঁতৰত জয়ৰ বন্ধু হীৰকে মোক অকলশৰে বাটে-বাটে ঘূৰি ফুৰা দেখি সিহঁতৰ ঘৰলৈ লৈ গৈছিল।

 খড়গপুৰ কলকাতাৰ ওচৰতে হোৱা হেতুকে প্ৰথমৰ ফালে সি প্ৰতি শনিবাৰে আহিছিল। পঢ়াৰ চাপ বঢ়াৰ লগে লগে অহা-যোৱা ক্ৰমে কমি গৈছিল তাৰ। এদিন প্ৰভাতীদিয়ে কৈছিল যে ল'ৰা-ছোৱালীবোৰ কেইবছৰমানৰ আলহী। ঠিকেই কৈছিল, সোতৰ-ওঠৰ বছৰ বয়সত জয় ওলাই যি গ'ল গ'লেই। আই আই টিৰ পৰা ওলাই আৰু দূৰলৈ গ'ল। সেইবোৰ কথালৈ পাছত আহো।

বাকীছোৱা জীৱন /৫৭