পৃষ্ঠা:অনিমা গুহ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ছাৰ্জনৰ পোছাক পিন্ধি কেইবাবছৰ আগতে অ’ টিৰ পৰা ওলাই প্রায় একেটা কাৰণত অসম মেডিকেল কলেজ, ডিব্ৰুগড়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ হৰেন শৰ্মাই মোক এটা অনুৰোধ কৰিছিল। প্রথম সন্তানৰ আগমনৰ প্ৰতীক্ষাত আমাৰ ভনী খুকু তেতিয়া অপাৰেশ্যন টেবুলত। চিজাৰিয়ান চেকশ্যন কৰিব ডাঃ শৰ্মাই। মই নাৰ্ভাছ হৈ হাস্পতালৰ বাৰাণ্ডাত পায়চাৰী কৰি আছিলো। সেইখন কলেজৰে অধ্যাপক ভনীজোঁৱাই ডাঃ চক্ৰেশ্বৰ দাস উচ্চ শিক্ষার্থে তেতিয়া ইংলেণ্ডত থকা বাবে মা আৰু মই ডিব্ৰুগড়ত আছিলোগৈ। সেই সময়ত খুকুই এদিন পৰিয়ালৰে সৈতে ডাঃ শৰ্মা আৰু দুঘৰমান ডাক্তৰক নিমন্ত্ৰণ কৰি খুৱাইছিল। মই ৰন্ধা মুৰ্গীৰ মাংসৰ আঞ্জাখন বৰ সোৱাদলগা হোৱা বুলি বখানি ডাঃ শৰ্মাই সিদিনিাই কৈ থৈছিল এম বি বি এছ পৰীক্ষা ল’বলৈ কলকাতাৰ পৰা আহিবলগীয়া অধ্যাপক দুগৰাকীক তেওঁলোকৰ ঘৰত খুৱাবৰ দিনা মই যেন মাংসৰ আঞ্জাখন ৰান্ধো। তেওঁলোকৰ কোৱাৰ্টাৰটো খুকুহঁতৰ সন্মুখতে, মাংস ৰন্ধানো কি ডাঙৰ কাম! পিছে খুকুক হাস্পতালত ভৰ্তি কৰাৰ দিনাই যে সেই দিনটো আহি উপস্থিত হ’ব কোনেনো জানিছিল! ছাৰ্জনৰ পোছাক পিন্ধা ডাঃ শৰ্মাই অ’ টিৰ পৰা ওলাই মোক চিন্তা কৰিবলৈ মানা কৰি তেওঁলোকৰ ঘৰলৈ গৈ ‘সুস্বাদু’ মাংসখিনি ৰান্ধি দিবলৈ অনুৰোধ কৰিলে। ক্ষন্তেকৰ বাবে মোৰ চিন্তা শক্তি লোপ পাইছিল, হাত-ভৰি জঠৰ হৈ আহিছিল। অপাৰেশ্যন টেবুলত পৰি থকা ভনীজনীক তেনে অৱস্থাত এৰি থৈ মইনো বাৰু কেনেকৈ মাংস ৰান্ধো।

 ইফালে মায়ে গম নাপায় জীয়েকৰ পেট কাটিব বুলি। অপাৰেশ্যনৰ নাম শুনিলেই মাৰ হাৰ্ট অকামিলা হ’ব খোজে। তেওঁৰ মোমায়েকৰ জীয়েক ৰীণা মাহীয়ে অপাৰেশ্যন টেবুলত উঠিয়ে ভয়তে প্ৰাণত্যাগ কৰিছিল। গতিকে মায়ে যেন ঘৰৰ পৰা ওলাই দুখোজ আঁতৰত থকা হাস্পতাললৈ যাব নোৱাৰে তাৰ বাবে ডিব্ৰুগড়তে থকা জেঠাইৰ জীয়েক সেৱা বাইদেউ মাৰ ৰখীয়া হিচাপে আছিল। মায়ে জানে জীয়েকে স্বাভাৱিকভাৱে জন্ম দিব। কিমান যে মিছা কথাৰ আশ্ৰয় ল’বলগীয়াত পৰিছিলো।

 দিনে-নিশাই ৰোগী দেখি দেখি আৰু কটা-ছিঙা কৰি কৰি ডাক্তৰসকলে বোধকৰো স্বভাৱজাত অনুভূতিবোৰ হেৰুৱাই পেলাইছে। যিজন ডাক্তৰৰ হাতত খুকুৰ জীৱন-মৰণৰ ভাৰ অৰ্পণ কৰা হৈছিল তেওঁৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি কুকুৰাৰ মাংসত মন-প্রাণ ঢালি দিলো।

 মানুহৰ মগজুবোৰ একো একোটা কম্পিউটাৰ। বহু কথা তাত সঞ্চিত হৈ থাকে যেন লাগে। পাহৰিছো বুলি ভবা কথাবোৰ যে কেনেকৈ কলমটোৰ আগত থূপ

৪৬/ বাকীছোৱা জীৱন