পৃষ্ঠা:অনিমা গুহ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্তান উৎপাদন কৰিব নোৱাৰিব। বৰঞ্চ বোৱাৰীক বিয়া দিয়ক। আপোনাৰ ল’ৰাৰ লগত থাকি কিয় বেচেৰীয়ে মাতৃত্বৰ সোৱাদৰ পৰা বঞ্চিত হ’ব।'

 বুঢ়ী জকি উঠিল— ইমান চিঞৰি চিঞৰি সকলোৱে শুনাকৈ কথাবোৰ কোৱা বাবে। হৰেশ্বৰীয়ে কৈছিল তেৱোঁতো বোৱাৰীয়েকক বাজী বুলি সকলোৱে শুনাকৈয়ে কৈ থাকে। তাৰ পিছত ডাক্তৰনীক বাৰু কোনে ভাল পাব পাৰে! আমি আলোচনা কৰিছিলো পৃথিৱীখনত বহু পৰিবৰ্তন আহিলেও পিতৃতান্ত্ৰিক সমাজত মহিলাৰ প্ৰতি দৃষ্টিভংগীত বিশেষ পৰিবৰ্তন অহা নাই। বৰঞ্চ শিক্ষিত আৰু অৰ্থনৈতিকভাৱে স্বাধীন মহিলাসকল ঈৰ্ষাৰ বলি হৈছে।

 মনত পৰিছে ৰত্না নামৰ আন এগৰাকী ডাক্তৰলৈ। হাঁহি-মাতি থকা মহিলাগৰাকীক কন্দনামুৱা যেন লাগিল এদিন। সিদিনা তেওঁৰ ইমাৰ্জেন্সী অপাৰেশ্যন আছিল। হাস্পতালত সোমাই স্বামীজনে কৈ গ’ল তেওঁৰ ভনীয়েক আৰু ভনীজোঁৱায়েক দুদিনৰ বাবে আহি আছে ল’ৰা-ছোৱালীৰে সৈতে। বজাৰৰ পৰা শাক-পাচলি আৰু এটা ৰৌমাছ আনি ঘৰত থৈ যোৱা বুলি জাননী দি তেওঁ ওলাই গ’ল। তেওঁলোকৰ কোৱাৰ্টাৰ হাস্পতালৰ চৌহদতেই। ৰত্না কন্দনামুৱা হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ কাম কৰা মহিলাগৰাকী ছুটী লৈ ঘৰলৈ গৈছে। ল’ৰা দুটাক সংগ দিবলৈ ঘৰত আছে এজনী সৰু ছোৱালী। মাছেই বা কাটে কোনে, পাচলিয়েই বা কাটে কোনে! মুমূৰ্ষু ৰোগীগৰাকীৰো খা-খবৰ কৰি থাকিব লাগিব। অ’ টিত সোমাবলৈ তেওঁ উঠি গুচি গ’ল। মই আৰু মোৰ সহকৰ্মী জয়া নিজ নিজ কামত বহিলো। জয়া আছিল ৰত্নাৰ স্কুলীয়া জীৱনৰ বন্ধু। অলপ পাছত বগা এপ্ৰন, গ্লাভছ আদিৰে ছাৰ্জনৰ পোছাক পিন্ধা ৰত্নাই অ’ টিৰ পৰা ওলাই আহি জয়াক ক’লে পুৰণি বন্ধু হিচাপে সহায় এটা কৰি দিবলৈ। আজিৰ ডাটা সংগ্ৰহৰ কামখিনি স্থগিত ৰাখি যদি তেওঁৰ কোৱাৰ্টাৰলৈ গৈ পাচলি আৰু মাছখিনি কাটি-কুটি থৈ আহে তেনেহ’লে চিৰকৃতজ্ঞ হৈ থাকিব। মই উপযাচি কৈছিলো, ‘ৰত্না তুমি মুমূৰ্ষু ৰোগীজনক নিশ্চিন্ত হৈ অপাৰেশ্যন কৰা, জয়াৰে সৈতে গৈ ময়ো তোমাৰ ৰান্ধনি ঘৰত সোমাম।’ ৰত্নাই ইতিমধ্যে ফোন কৰি ৰান্ধনি এজন যোগাৰ কৰিছিল। আমি দুয়ো ফাইল-চাইল সামৰি ৰত্নাৰ কোৱাৰ্টাৰত মাছ আৰু পাচলি কটাত লাগিলোগৈ। হায়ৰে নাৰী! তুমি ছাৰ্জনে হোৱা বা হাকিমে হোৱা ৰান্ধনিঘৰৰ চিন্তাই তোমাক ওৰে জীৱন খেদি ফুৰিব। এইখিনিতে কথা এষাৰ কৈ থওঁ ইমান ডাঙৰ মাছ আগতেও কটা নাছিলো, আজিলৈকে কাটি পোৱা নাই। সিদিনা যে কেনেকৈ কাটিছিলো!

বাকীছোৱা জীৱন / ৪৫