পৃষ্ঠা:অনিমা গুহ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যক্তিৰ ধাৰণা হ’ল বক্তাৰ উচ্চ ৰক্তচাপ আছে। গতিকে তাৰ পাছতে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰোৱা হ’ল আৰু তেতিয়াৰ পৰা দৰৱ পাতি খাই থকা বাবে নব্বৈৰ ফালে ধাৱমান হৈ থাকিব পাৰিছে। নহ’লে?

 মই কাম কৰিছিলো ড° দেৱপ্ৰসাদ মুখাৰ্জীৰ তত্ত্বাৱধানত। মানুহগৰাকী অত্যন্ত মেধাৱী, অলপ চেৰাবলিয়াও। যি কি নহওক, নৃতত্ব বিষয়টো অধ্যয়ন কৰিবলৈ হ’লে ক্ষেত্ৰ অধ্যয়ন কৰাটো বাধ্যতামূলক। সেই উদ্দেশ্য মই কলকাতাৰ বিভিন্ন হাস্পতালত ৰক্ষিত জন্ম সংক্ৰান্ত নথি-পত্ৰ (birth record) বোৰৰ পৰা সেইবোৰ হাস্পতালত সহজাত বিকৃতি বা খুঁতসহ ওপজা শিশুৰ সংখ্যা, মাক-দেউতাকৰ বয়স ইত্যাদি নানা দিশ সামৰি তথ্য-পাতি গোটাবলৈ ধৰিলো। এই সংক্ৰান্তত কেৱল ডাটা সংগ্ৰহ কৰাই নহয়, হাস্পতালত চিকিৎসক, সেৱিকা, ৰোগী আৰু তেওঁলোকৰ আত্মীয়-স্বজনক লগ পোৱাৰ সুযোগো ঘটিল। মানুহৰ নৃতাত্বিক অধ্যয়ন কৰা মোৰ বিষয় যদিও তেওঁলোকৰ লগত চা-চিনাকি হৈ তেওঁলোকৰ সমাজ ব্যৱস্থা, কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত হোৱাটো মোৰ হবি।

 কলকাতাৰ এছ এছ কে এম হাস্পতালত যাক পি জি হাস্পতাল বুলিয়ে মানুহে সাধাৰণতে কয়, ডাটা সংগ্ৰহ কৰিবৰ সময়ত লগ পাইছিলো বন্দনা (নামটো সলাই দিয়া হ’ল) নামৰ এগৰাকী ডাক্তৰক। তেওঁৰ লগত ইমানে ঘৰুৱা হ’লো যে মাজে মাজে বহি মোৰ লগত সুখ-দুখৰ কথা পাতিছিল। তেওঁ আছিল এটা বিভাগৰ কৰ্ম-কৰ্তা, সকলোৱে সম্ভ্ৰম কৰে। কাম-কাজ, কথা-বতৰাত আভিজাত্যৰ চাব। সাংসাৰিক জীৱনত তেওঁ যে ৰিক্ত, নোকোৱা হ’লে কেতিয়াও নাজানিলোহেঁতেন। বৰ অভিজাত ঘৰৰ একেজনী ছোৱালী, নিজেও কেইবাটাও ডিগ্ৰীধাৰী চিকিৎসক। বিয়া কৰালে তেওঁৰ ঘৰুৱা শিক্ষকক, কোৱা বাহুল্য ঘৰৰ অমতত। ঘৰুৱা শিক্ষকজনে অৱশ্যে পাছত মধ্যমীয়া চৰকাৰী চাকৰি এটা পাইছিল। বিয়াৰ পাছত পিতৃপ্ৰধান সমাজৰ নিয়মমতে স্বামীজন ঘৰৰ মুৰব্বী হ’ল। তেওঁৰ কথামতে সকলোৱে উঠ-বহ কৰিব লাগে। বন্দনাই দুখ কৰি কৈছিল যে নিজে হাজাৰে হাজাৰে অৰ্জা টকাৰ ওপৰতো হেনো তেওঁৰ নিজৰ অধিকাৰ নাই, গৃহস্থই সকলো কন্ট্ৰোল কৰে। যি কোনো বস্তু কিনিবলৈ মন গ’লে পতিদেৱতাৰ অনুমতি ল’ব লাগে। মোৰ ধাৰণা পতিজন হয়তো ডিক্টেটৰ নহয়, পিতৃতান্ত্ৰিক সমাজে দিয়া অধিকাৰ সাব্যস্ত কৰিছে। তেওঁ নিজৰ দেউতাকক দেখিছে, ককাকক দেখিছে, সমাজৰ সকলোকে দেখিছে ঘৰৰ মুৰব্বী হৈ সকলোকে শাসন কৰা। তেৱোঁ তাকেই কৰিছে, তেহেলৈ তেওঁৰ পত্নী যিয়েই নহওক।

বাকীছোৱা জীৱন / ৪৩