পৃষ্ঠা:অনিমা গুহ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যদি কিবা কৰা যায় সেই চিন্তা কৰিলো। পিছে বেছি চিন্তা কৰিবলগীয়া নহ'ল। এ এন এছ আইত Post Doctoral Research Fellowship এটা পালো তিনি বছৰৰ বাবে। বংশগতি (Heredity) মোৰ প্ৰিয় বিষয়। দেহকোষত থকা অসংখ্য জিনৰ এটাত খুঁত থাকিলেও সেই জিনটোৰ ধাৰকজন বংশগতভাৱে প্ৰতিবন্ধী বা খুঁত থকা হ'ব পাৰে। কিছুমান খুঁত আকৌ দেউতাক-মাকৰ বয়সৰ ওপৰতো নিৰ্ভৰ কৰে। উল্লিখিত ফেলশ্বিপটো পোৱাৰ পাছত এনেধৰণৰ কাম এটা হাতত লৈছিলো। চাৰ্ভেৰ সঞ্চালক হিচাপে পাইছিলো ড° কুমাৰ সুৰেশ সিঙক। তেওঁ মূলতে এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া যদিও তেওঁৰ আছিল অগাধ পাণ্ডিত্য। ইতিহাসৰ ছাত্ৰ ড° সিঙে বিহাৰত চাওতাল বিদ্ৰোহ সন্দৰ্ভত গৱেষণা কৰিছিল। তেতিয়াই তেওঁৰ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ (ethnic group) প্ৰতি আগ্ৰহ বাঢ়ে আৰু নৃতাত্বিক গৱেষণাৰ ফালে ঢাল খায়। তাৰ পাছতে তেওঁ এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াৰ সঞ্চালক পদত অধিষ্ঠিত হয়। কামত যোগ দিয়েই তেওঁ এটা অতি মূল্যৱান আঁচনি হাতত লৈ সফলতাৰে ভাৰতৰ সকলো জনগোষ্ঠীক সামৰি এনছাইক্লোপিডিয়া সদৃশ এলানি পুস্তক ৰচনা কৰে। ইন্দিৰা গান্ধীৰ শাসনকালত ড° সিঙক এবাৰ প্ৰমোচন দিয়া হৈছিল যদিও তেওঁ নৃতাত্বিক গৱেষণাৰ কাম অসম্পূৰ্ণ অৱস্থাত এৰি থৈ যোৱা নাছিল। নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাৱান মানুহগৰাকী এবাৰ বিহাৰত প্ৰশাসনীয় বিষয়া হিচাপে কাম কৰি থাকোতে সেই অঞ্চলত দেখা দিয়া দুৰ্ভিক্ষৰ অতি তৎপৰতাৰে মোকাবিলা কৰিছিল। দুৰ্ভিক্ষপীড়িত মানুহৰ প্ৰতি ড° সিং ইমানে সহানুভূতিশীল হৈ পৰিছিল যে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তেওঁ নিজেও পেট ভৰাই খোৱা-বোৱা কৰা নাছিল।

 কেইবছৰমান আগতে শুনিলো ড° কুমাৰ সুৰেশ সিঙৰ মৃত্যু হৈছে। এওঁ আমাৰ গৃহস্থক বৰ সন্মান কৰিছিল আৰু দাদা বুলি মাতিছিল। সেই সূত্ৰে আমাৰ লগত এটা ঘৰুৱা সম্পৰ্কও স্থাপিত হৈছিল। ঘৰুৱা কোৱা ঠিক নহ’ল, দাদা আৰু ভায়েকৰ সম্পৰ্কহে গভীৰ আছিল। যেনে দাদা তেনে ভায়েক। একেলগ হ’লে কেৱল পঢ়া-শুনা আৰু গৱেষণাৰ আলোচনা। এদিনলৈ নুশুনিলো আন কোনো বিষয়ে কথা কোৱা। বোধকৰো কাৰ ল’ৰা-ছোৱালীয়ে কি কৰে তাকো জনাৰ ইচ্ছা কাৰো নাছিল। মগজু আৰু কামৰ অতিৰিক্ত হেঁচাতে বোধকৰো ড° সিঙৰ অকালতে হৃদযন্ত্ৰৰ ক্ৰিয়া স্তব্ধ হৈ পৰিল। আমাৰ গৃহস্থৰ ভাগ্য ভাল। ধুবুৰীৰ ভোলানাথ বৰুৱা কলেজত এবাৰ একেৰাহে থিয়ৈ থিয়ৈ বহু সময় ধৰি বক্তৃতা দি থকাৰ সময়ত কোনোবা হৃদয়ৱান

বাকীছোৱা জীৱন / ৪১