পৃষ্ঠা:অনিমা গুহ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ পাছ নেৰা হৈছিল। লগতে মোৰ নুমলীয়া ভনী ডলো। ভূপেনদাৰ লগত সিহঁতে যে কিমান ফটো নুতুলিলে! অৱশ্যে আন বহুতেও তুলিলে। পিছে সেই চাৰিজনী আৰু ভাগিন কৌশিকৰ উচ্ছাস যেন বেছি।

 আশীৰ দশকতে হ’বলা ভূপেন হাজৰিকা National Film Development Corporation ৰ সৈতে জড়িত আছিল। গৃহস্থ অমলেন্দু গুহও সেই প্ৰতিষ্ঠানটোৰ সেই সময়ত সদস্য আছিল। এদিন হঠাতে দুয়ো ২৭, জৱাহৰলাল নেহৰু ৰ'ডত অৱস্থিত এনথ্ৰ’প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়া অফিচত উপস্থিত। ভূপেনদাক দেখি চকী-মেজ এৰি কৰ্মৰত বিজ্ঞানীসকল তেওঁৰ ওচৰ পালেহি। মানুহজনৰ এটা মোহিনী শক্তি আছে। তেওঁৰ আন এটা মহৎ গুণ তেওঁৰ ওচৰলৈ যোৱা অচিনাকি মানুহৰ লগত ইমান আন্তৰিকতাৰে সৈতে কথা পাতে যে আগন্তুকজনৰ ধাৰণা হয় ভূপেন হাজৰিকাই তেওঁক চিনি পাইছে। গুৱাহাটীত আমাৰ ঘৰত কোকৰাঝাৰৰ সমীপৱৰ্তী ভোটগাঁও কাশীপাৰা গাঁৱৰ জয়ন্ত নামৰ ল’ৰা এজন আছিল। জয়ন্তৰ কথা নকলোৱে বা তাৰ দেউতাক-মাকো ভূপেন বলিয়া। সেয়েহে তেওঁলোকৰ এটা পুত্ৰৰ নাম দিছে ভূপেন আৰু আনটোৰ জয়ন্ত। যি কি নহওক, এদিন গৃহস্থৰ লগত জয়ন্তও গ'ল সভা এখনলৈ। ভূপেন হাজৰিকা সেই সভাত উপস্থিত আছিল। গৃহস্থই জয়ন্তক শিল্পীগৰাকীৰ লগত চিনাকি কৰি দিয়াৰ পাছত কেইদিনমান তাৰ মুখত আন কথা নাই। সি ভাবিব পৰা নাছিল যে তাৰ দৰে স্বল্পশিক্ষিত গাঁৱৰ ল’ৰা এজনক হাতত ধৰি মৰম কৰি ‘মহান ব্যক্তি’জনে কথা ক’ব। সি সেইখন হাত ধুবই খোজা নাছিল। কেইদিনমান তাৰ কথা শুনি মোৰ পগলা হোৱাৰ অৱস্থা। তাৰ হেনো ধাৰণা হৈছিল ভূপেন হাজৰিকাই তাক চিনি পায়।

 এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত ভূপেন হাজৰিকাক আমন্ত্ৰণ জনোৱাৰ কথা আৰু এদিন তেওঁ সেইটো অফিচলৈ অহা বুলি ক'লো। পিছে মইনো সেই অফিচত কিয় আছিলো সেই কথা এতিয়ালৈ কোৱা হোৱা নাই।


এনথ্ৰ'প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত (An.S.I)

 ১৯৭৫ চনত পুনে বিশ্ববিদ্যালয়ত থিছিছ জমা দিয়াৰ এবছৰৰ ভিতৰত মোৰ নামৰ আগে-পাছে কেইটামান আখৰ যুক্ত হোৱা বুলি কোৱা হৈছে। এতিয়া তাৰ সদ্ব্যৱহাৰ কৰো কেনেকৈ? মই সাংসাৰিক জীৱনত বন্দী। গতিকে কলকাতাতে থাকি

৪০/ বাকীছোৱা জীৱন