পৃষ্ঠা:অনিমা গুহ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৃহস্থ সদায় নিজৰ পঢ়া-শুনা, লিখা-মেলা, চেমিনাৰ, মেল-মিটিং আদিত ব্যস্ত হৈ থাকে। পৰাপক্ষত তেওঁক মই আমনি নকৰো। পিছে ভূপেনদাক সময়মতে বিমানত তুলি দিবলৈ তেওঁৰ সহায় বিচাৰিলো। তেওঁ মান্তি হ’ল। শিলচৰ যাত্ৰাৰ আগনিশা চিনাকি টেক্সি এখন ড্ৰাইভাৰৰে সৈতে আমাৰ ঘৰত ৰাখিলো। আমাৰ লগতে ড্ৰাইভাৰজনে ভাত খালে। ৰাতি তিনি বজাত একো কাপ চাহ খাই ভূপেনদাহঁতৰ ঘৰলৈ গৈ তেওঁলোকক তুলি সময়মতে বিমান বন্দৰ পালোগৈ। প্লেনখন ৰানৱেৰ পৰা উৰা মৰাৰ পাছত গৃহস্থক ক'লো— ‘মনটো পাতল পাতল লাগিছে। ঘৰলৈ যাবৰ মন নাই।’ পিছে ক'লৈ যাওঁ? তেতিয়া পুৱা পাঁচ বাজিছিল। জাৰকালিৰ কলকাতা তেতিয়াও নিদ্ৰামগ্ন। ঘৰলৈ উভতি যোৱাৰ বাহিৰে আন কোনো পথ খোলা নাই। এনেতে জয়ে ক'লে— ‘খড়দহৰ পেহীহঁতৰ ঘৰলৈ যাওঁ বলা।’ উত্তম প্ৰস্তাৱ। লগে লগে দমদম বিমান বন্দৰ এৰি দমদম ৰে'ল ষ্টেচন পালোগৈ। তিনিটামান ষ্টেচনৰ পাছত খড়দহত ননদৰ ঘৰত দিনটো কটাই ঘৰমুৱা হ'লো।

 পিছত জানিবলৈ পালো যে সংগীতানুষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰা ধনেৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। উল্লেখযোগ্য যে ভূপেন হাজৰিকাই পাৰিশ্ৰমিকতো লোৱা নাছিলেই বৰং নিজৰ ফালৰ পৰাও স্কুলখনৰ বাবে কিছু অনুদান আগবঢ়াইছিল।

 বহু বছৰ পাছত ভূপেনদাক আকৌ এবাৰ আমন্ত্ৰণ জনাইছিলো এনথ্ৰ’প’ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত দুদিন জোৰা আন্তৰ্জাতিক চেমিনাৰ এখনৰ অন্তিম দিনা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত গীত গাবলৈ। সিদিনাও তেওঁৰ গল্ফ ক্লাব ৰ'ডৰ বাসস্থানলৈ চুচুক-চামাক কৰিয়ে গৈছিলো। কাৰণ তেওঁৰ দৰে এগৰাকী খ্যাতনামা শিল্পীৰ গীত দেশ-বিদেশৰ পৰা অহা বিজ্ঞ-গুণীসকলক শুনাবলৈ আগ্ৰহ থাকিলেও তেওঁলৈ ন্যায্য মাননি আগবঢ়োৱাৰ সামৰ্থ্য চেমিনাৰখনৰ উদ্যোক্তাসকলৰ নাছিল। মোৰ লগত চিনাকি থকা বুলি গম পাই উদ্যোক্তাসকলে এই ফেৰা কাম কৰিবলৈ মোকেই পঠাইছিল ভূপেনদাৰ ঘৰলৈ। এইবাৰ তেওঁৰ ঘৰত সোমাই প্ৰথমবাৰৰ দৰেই চকখাই উঠিলো। পিছে সম্পূৰ্ণ বিপৰীত কাৰণে। আগৰ সেই বিশৃংখল অৱস্থাৰ ঠাইত দেখিলো সু-সজ্জিত এখন ঘৰ। চাৰিওফালে চকু ফুৰাই চাই ধাৰণা হৈছিল কোনোবা শিল্পীৰ হাতৰ পৰশত আগৰ ঘৰখনে প্ৰাণ পাই উঠিছে।

 মোৰ লগত গৈছিল সহকৰ্মী শিখা। ভূপেনদাৰ ভিতৰত আছে এটা সন্মোহিনী শক্তি। সৰু সৰু লৰা-ছোৱালীৰে পৰা বৃদ্ধ-বৃদ্ধালৈ সকলোকে মুহিব পাৰে তেওঁ। সিদিনা প্ৰথমবাৰৰ বাবে তেওঁক দেখি শিখাই কথা ক’ব নোৱৰা হৈছিল। যি কি নহওক,

৩৮/ বাকীছোৱা জীৱন