পৃষ্ঠা:অনিমা গুহ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৰা। অৱশ্যে তৰায়ো মোক চিনি নোপোৱা নহয়। সেই তৰাৰ ওচৰলৈ যাবলগীয়া হৈছিলো কলকাতালৈ আহি। কিয় তাকেই কওঁ।

 ভনীজোঁৱাই ডাঃ চক্ৰেশ্বৰ দাস যোৱা শতিকাৰ সত্তৰৰ দশকত শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ হিচাপে যোগ দিছিল অসম মেডিকেল কলেজৰ পৰা বদলি হৈ আহি। সেই সময়ত ভনী খুকু — যাৰ ভাল নাম প্ৰতিমা — কানৈ কলেজত অধ্যাপনা কৰি আছিল। চাকৰিত ইস্তাফা দি তায়ো আহিবলগীয়া হ’ল শিলচৰলৈ। আজিকালিৰ অধিকাংশ মহিলাই চাকৰি নেৰে। পিছে সেই সময়ত এনেবোৰ চিন্তা কোনেও কৰা নাছিল। গৃহস্থৰ লগত একেলগে থকাটোৱে আছিল নিয়ম। নন-ৰেছিডেণ্ট হাজবেণ্ড-ৱাইফৰ ধাৰণাটো সাম্প্ৰতিক কালৰ।

 যি কি নহওক এবাৰ বহিৰ্জগতৰ সৈতে সম্পৰ্ক থকা মানুহৰ পক্ষে চৌবিশ ঘণ্টা চাৰিবেৰৰ মাজত কটোৱা সহজ নহয় ৷ তদুপৰি সেই মানুহ যদি সমাজৰ প্ৰতি দায়বদ্ধ আৰু সৃষ্টিশীল মনৰ অধিকাৰী হয় তেনেহ'লে কেৱল গৃহকৰ্মই তেওঁক শান্তি দিব নোৱাৰে। প্ৰতিমাৰো সেই অৱস্থা হ'ল। তদুপৰি প্ৰতিভাময়ী পত্নীক গৃহবন্দী কৰি ৰখাটো ডাঃ দাসৰ মনঃপুত নাছিল।

 কিছুদিন অতিবাহিত কৰাৰ পাছত তেওঁলোকে মন কৰিলে যে বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ এল পি আৰু এম ই স্কুল কেইখনমান আছে যদিও হাইস্কুল নাই। উল্লেখযোগ্য যে মানে অসম আক্ৰমণ কৰাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বহু অসমীয়া মানুহ পলাই গৈ কাছাৰত থিতাপি লৈছিল। তাত বাস কৰিবলগীয়া হোৱা পঁচিশ-ছাব্বিশখন গাঁৱৰ ল'ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমৰ স্কুলত এল পি আৰু এম ইলৈকে পঢ়ি পঢ়া-শুনা ইস্তফা দিছিল নহ’লে বাংলা মাধ্যমৰ হাইস্কুলত ভৰ্তি হ’বলৈ বাধ্য হৈছিল। তদুপৰি চাকৰিসূত্ৰে শিলচৰলৈ বদলি হোৱা অসমীয়া বিষয়াসকলেও তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বাবে অসমীয়া মাধ্যমৰ স্কুল নেপাই অসুবিধাত পৰিছিল। উল্লেখযোগ্য যে, যোৱা শতিকাৰ সত্তৰ-আশীৰ দশকত ইংৰাজী মাধ্যমৰ স্কুলৰ সংখ্যাও কম আছিল আৰু মানুহে নিজৰ সন্তানক অসমীয়া স্কুলতে পঢ়াইছিল।

 যি কি নহওক এনেবোৰ কাৰণত ১৯৭৪ চনত শিলচৰৰ মাজমজিয়াত অসম সাহিত্য সভাৰ চৌহদত থকা দেশভক্ত তৰুণৰাম ফুকন এম ই স্কুলৰ এটা কোঠাত অসমীয়া ৰাইজ আৰু স্থানীয় সুধীমণ্ডলীৰ প্ৰচেষ্টাত কমিটী এখন গঠন কৰি হাইস্কুলৰ সপ্তম শ্ৰেণীটোৰ শুভাৰম্ভ কৰা হয়। ১৯৭৬ চনত স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰীৰ আৰু মেনেজিং কমিটীৰ ছেক্ৰেটাৰীৰ দায়িত্ব অৰ্পণ কৰা হয় প্ৰতিমাৰ ওপৰত। এই গুৰুদায়িত্ব

৩৪/ বাকীছোৱা জীৱন