পৃষ্ঠা:অনিমা গুহ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰশংসা শুনি শুনি সম্ভৱতঃ ইন্দিৰা গান্ধীয়ে নিজকে ভূভাৰস্তৰ অধিশ্বৰী দেৱী বুলি ভাবিবলৈ ধৰিছিল। সম্ভৱতঃ এনে ধাৰণাৰ বশৱৰ্তী হৈয়ে ঘপহ কৰে জৰুৰী অৱস্থাৰ ওৰ পেলাই নিৰ্বাচনৰ আয়োজন কৰে। পিছে এই ধাৰণা ভুল বুলি প্ৰমাণিত হ'ল। ১৯৭৭ ৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ দলে জিকিব নোৱাৰিলে। মোৰাৰজী দেশাইক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাই কেন্দ্ৰত জনতা দলে চৰকাৰ গঠন কৰিলে। স্বাভাৱিকতেই মানুহৰ মনত প্ৰতিশোধস্পৃহা জাগি উঠিল। ইন্দিৰা গান্ধী আৰু সঞ্জয়ক শুদাই এৰি দিয়া নহ'ব।

 সম্প্ৰতি ২০১১ চনত খ্যাতনামা গান্ধীবাদী আৰু অৰ্থনীতিবিদ এল চি জৈনৰ Civil Disobedience: two freedom struggles, one life নামৰ গ্ৰন্থখনৰ এছোৱাৰ এটা আলোচনা পঢ়ি জৰুৰী অৱস্থাৰ পাছত জনতা চৰকাৰৰ শাসনৰ সময়ত ঘটা কিছু ঘটনাৰ বিষয় জানিব পাৰিলো। ইন্দিৰা গান্ধী তেতিয়া আৰু 'ইণ্ডিয়া’ নহয়। তেওঁ জানিব পাৰিলে যে সঞ্জয় গান্ধীয়ে পৰিয়াল পৰিকল্পনা কৰ্মসূচী ৰূপায়ণ কৰিবলৈ গৈ মানুহক ধৰি ধৰি নিৰ্বীজকৰণ কৰাৰ যি অভিযান আৰম্ভ কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল তাৰে পোটক তুলিবলৈ হেনো ৰাইজে সঞ্জয়ক ধৰি বান্ধি দিল্লীৰ তুৰ্কমেন গে'টলৈ নি তেওঁকে নিৰ্বীজ কৰিব। শুনি ইন্দিৰাই ভয়ো খালে, নাৰ্ভাছো হ’ল। তেওঁ সাংস্কৃতিক ক্ষেত্ৰৰ সক্ৰিয় কৰ্মী, নেহৰু-গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বন্ধু তথা জীৱনীকাৰ, নেশ্যনেল ক্ৰাফ্ট মিউজিয়ামৰ প্ৰতিষ্ঠাতা পুপুল জয়কাৰক ইয়াৰ এটা সমাধান কৰিবলৈ অনুৰোধ কৰিলে। মজাৰ কথা হ’ল ৰাজনীতিৰ ক্ষেত্ৰত পৰস্পৰবিৰোধী দলসমূহৰ ঘৰুৱা জীৱনত বন্ধুত্বৰ সম্পৰ্কও থাকিব পাৰে। পুপুল জয়কাৰে ওপৰ মহলাত এই বাতৰিটো জনোৱাৰ পাছত তেওঁলোকৰ প্ৰচেষ্টাত ৰাজনীতিত এসময়ৰ ঘোৰ শত্ৰু জয়প্ৰকাশ নাৰায়ণৰ সৈতে ইন্দিৰা গান্ধীৰ চাহমেলৰ ব্যৱস্থা কৰা হ’ল। জয়প্ৰকাশেও ক'লে— ‘যিয়েই নহওক ইন্দিৰাতো মোৰ ভতিজী’। বাতৰি ওলাল কাগজে-পত্ৰে— চাহমেলৰ বিষয়ে। ফলত মিডিয়া আৰু ৰাইজ শান্ত হ’ল। জনতা চৰকাৰেও ইন্দিৰাৰ ওপৰত ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ পৰিকল্পনা ত্যাগ কৰি দেশ শাসনৰ কামত মনযোগ দিবলৈ মনস্থ কৰিলে।

 কিন্তু এই প্ৰস্তাৱ মানি ল’বলৈ আগ্ৰহী নাছিল চৰণ সিঙৰ নেতৃত্বত এটা দলে। ইন্দিৰা গান্ধীয়ে শাস্তি পাবই লাগিব। ফলত তেওঁক এটা সময়ত গ্ৰেপ্তাৰ কৰি কাশ্মিৰী গে'ট পুলিচ থানাত ৰাতিটোৰ বাবে বন্দী কৰি ৰখা হ’ল। ইন্দিৰা জে’লত? হঠাতে নিশাটোৰ ভিতৰত মানুহৰ সহানুভূতিৰ সোঁত ইন্দিৰা গান্ধীৰ ফালে ব’বলৈ ধৰিলে।

বাকীছোৱা জীৱন /৩১