পৃষ্ঠা:অনিমা গুহ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অহা দেশৰ হিতচিন্তা কৰা দূৰদৰ্শীসকলে, তাৰ ভিতৰত আমাৰ গৃহস্থও আছে—কৈছিল এই অৱস্থাৰ পৰিণাম কেনে ভয়ংকৰ হ'ব পাৰে। সেই সময়ত দেশৰ কথা ভাবিবৰ সময় ক’ত মোৰ।

 কেৱল ঘৰ-গৃহস্থালি লৈ ব্যস্ত হৈ থকা হতাশ মহিলাসকলক সদায় কওঁ হতাশাত নুভুগিবলৈ। কাৰণ চাকৰি-বাকৰি নকৰা গৃহিণীসকলৰ জীৱন আৰম্ভ হয় পঞ্চাশ বছৰ বয়সৰ পাছত। ময়ো ঘৰৰ চাৰিসীমাৰ বাহিৰৰ পৃথিৱীখনৰ কথা ভাবিবলৈ সময় পালো সেইটো বয়স অতিক্ৰম কৰাৰ পাছতহে। মোক কিছুমানে সোধে এই বয়সতো কিয় ভাগৰি পৰা নাই! পঞ্চাশৰ পাছত জীৱন আৰম্ভ কৰি এতিয়াই ভাগৰিলে জীৱনটো বৃথা যেন নালাগিব নে? তদুপৰি বেমাৰ-আজাৰেও ভালেখিনি সময় কাঢ়ি নিয়ে।

 এই প্ৰসংগত আন এটি ঘটনালৈ মনত পৰিল। এটা সময়ত ৱাটাৰ গেট কেলেংকাৰীয়ে বিশ্বৰ মানুহৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। তেতিয়া আমি পুনেত। আমাৰ একমাত্ৰ ল'ৰাৰ পঢ়া-শুনালৈ মই ব্যস্ত। কাৰণ শিশু বয়সৰে পৰা কিতাপ পঢ়িবলৈ ভালপোৱা ল'ৰাটোৰ স্কুলৰ কিতাপত অলপো ইণ্টাৰেষ্ট নাছিল। গতিকে মোৰ গৱেষণা, ল’ৰাৰ চৰিত্ৰ গঠন, পঢ়া আৰু খেলা-ধূলাৰ প্ৰতি মনযোগ দিয়াই আছিল মোৰ ঘাই কাম। তদুপৰি ঘৰখনতো আছেই। গতিকে আমেৰিকাৰ বিশ্ব কঁপোৱা কেলেংকাৰীৰ প্ৰতি মই আছিলো সম্পূৰ্ণ উদাসীন। তথাপিতো এদিন তাৰে মাজত বিদ্যা পিত্ৰে নামৰ অৰ্থনীতিত গৱেষণা কৰি থকা ছোৱালীজনীক ক’লো ৱাটাৰ গে'ট সম্পৰ্কে মোক বিতংকৈ ক’বলৈ। পিছে সেই আলোচনা আৰু কোনো দিনে কৰা নহ'ল। ৱাটাৰ গে'ট তল পৰিল যদিও মোৰ মনত মাজে মাজে এই শব্দটোৱে ভুমুকি মাৰে। এই কেলেংকাৰীৰ ফলস্বৰূপে ১৯৭৪ চনত তেতিয়াৰ আমেৰিকাৰ প্ৰেছিডেণ্ট নিক্সনে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল— ইয়াৰ বাহিৰে কেলেংকাৰীটোনো কি সৌসিদিনালৈকে জনা নাছিলো। আজি তিনি বছৰমান আগেয়ে পুত্ৰক ক'লো যে তাৰ ভৱিষ্যতলৈ চিন্তা কৰি থাকোতে থাকোতে ৱাটাৰ গেটনো কেনে ধৰণৰ কেলেংকাৰী নাজানিলো, গতিকে এতিয়া তাৰ পৰা জানিব খোজো। সি ক'লে যে শিশু বয়সৰে পৰা ৰাজনীতি সম্পৰ্কীয় বিষয়ত বুৰ গৈ থকা তাৰ তেৰ বছৰীয়া পুতেক ঋষভে তাতকৈ বেছি ভালকৈ ক’ব পাৰিব।

 আমাৰ ডাঙৰ নাতি ঋষভ এটা আচৰিত ল’ৰা। পঢ়া-শুনাত চোকা ল’ৰা বহু দেখিছো, কিন্তু বিশ্বৰ ৰাজনীতিক লৈ বলিয়া হৈ থকা বিৰল ল’ৰা-ছোৱালীৰ ভিতৰত সিও এটা। তাৰ মাক আৰু দেউতাক দুয়ো বিজ্ঞানী। দেউতাক-মাক দুয়োৰে বন্ধু-

বাকীছোৱা জীৱন / ২৯