পৃষ্ঠা:অনিমা গুহ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাৰ গাত দুবিধ গৰম কাপোৰ আছে, শ্বালখন এই ল’ৰাটোক দিয়া।’ মই নুশুনা ভাও জুৰি খোৱাত মনোনিবেশ কৰিলো। সি ভাবিলে মই শুনা নাই, গতিকে তাৰ কণ্ঠস্বৰ আৰু ওপৰলৈ উঠিল। তাৰ ওচৰতে বহি থকা ভতিজা ছোৱালী মিনুই তাক শান্ত কৰিবলৈ ক’লে যে মাংসৰ গৰম গৰম আঞ্জা খাই থকা ল'ৰাটোৰ গা এতিয়াই গৰম হৈ উঠিব, গতিকে গৰম শ্বালৰ প্ৰয়োজন নাই। তাৰ পিছত ল'ৰাটোৰ গাটো গৰম হৈ উঠিছিল নে নাই সুধি সুধি বেচেৰাটোক অস্থিৰ কৰি তুলিছিল সি। ময়ো সকাহ পালো যেতিয়া ল’ৰাটোৱে ক'লে যে তাৰ ঠাণ্ডা লগা নাই। কিন্তু মোৰ বিবেকক কোনোবাই চাবুক মৰাৰ উপলব্ধি হৈছিল। ঊলৰ চোলা পিন্ধাবলৈ দেউতাকৰ নিশ্চয় সামৰ্থ্য নাই। কিয় নাই? দেশত দাৰিদ্ৰ্য নিবাৰণৰ উপায় কি? কইনাঘৰৰ অতি উপাদেয় মাংস-পোলাওখিনি সিদিনা তিতা তিতা যেন লাগিছিল মোৰ। ভাৰত হেনো মহান গণতান্ত্ৰিক দেশ। স্বাধীনতা লাভৰ ইমান বছৰ পাছতো এয়েই নেকি গণতন্ত্ৰৰ নমুনা! এই গণতন্ত্ৰৰ সোৱাদ পাইছে এমুঠি মানুহে। বাকীসকলৰ ‘পোৰা-কপাল’।

 আত্মীয়-স্বজনৰ ওচৰ-সান্নিধ্যই আমাৰ পুনে এৰাৰ দুখ পাতলালে। অসমখন ওচৰ হোৱা বাবে মা-বাই-ভনীহঁতকো ঘনাই পোৱা হ'লো। ইয়ো আছিল কলকাতাত বাস কৰিবলগীয়া হোৱাৰ এটা ইতিবাচক দিশ। সেই বুলি পুনে বাসৰ দিনবোৰৰ স্মৃতি আজিলৈ মলিন হোৱা নাই।


জৰুৰীকালীন অৱস্থা

 ১৯৭৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি বিৰোধী নেতাসকলক কাৰাবন্দী কৰিলে, জয়প্ৰকাশ নাৰায়ণৰ ‘সম্পূৰ্ণ বিপ্লৱ’ৰ বিৰুদ্ধেই জাৰী কৰা হৈছিল জৰুৰী অৱস্থা। বিৰোধী নেতাসকলে গণতন্ত্ৰৰ সকলো নিয়ম-নীতিৰ বাহিৰলৈ গৈ বিক্ষোভ প্ৰদৰ্শন কৰিছিল। তেওঁলোকে নিৰ্বাচিত বিধায়কসকলক বিধানসভালৈ যোৱাত বাধা দিছিল, মানুহক ‘কৰ’ নিদিবলৈ প্ৰৰোচিত কৰিছিল, পুলিচ আৰু সৈন্যবাহিনীক বিদ্ৰোহ কৰিবলৈ উচটাইছিল ইত্যাদি। জৰুৰী অৱস্থা জাৰি কৰাৰ লগে লগে আইন-শৃংখলা স্বাভাৱিক অৱস্থালৈ উভতি আহিল, স্কুল-কলেজত পঢ়া-শুনা আৰম্ভ হ’ল, ৰে'লগাড়ী সময়মতে চলিবলৈ আৰম্ভ কৰিলে। ফলত সকলোকে স্বস্তিৰ নিশ্বাস কাঢ়িবলৈ ধৰা যেন লাগিল। আমাৰো মনত আছে সময়মতে ৰে'ল চলাৰ কথা। তেতিয়া কৈছিলো জৰুৰী অৱস্থা থকাই মংগল। পিছে আমাৰ ঘৰলৈ

২৮/ বাকীছোৱা জীৱন