পৃষ্ঠা:অনিমা গুহ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই বুঢ়াটোক নিশ্চয় অৰ্থৰ লোভত বিয়া কৰাইছিল। দান-দক্ষিণা কৰাৰ পাছত ওনাচিছৰ বাকী সম্পত্তি দুভাগ হয়— এভাগ পায় জেকুলিনে আনভাগ পায় ওনাচিছৰ প্ৰথম পত্নীৰ ফালৰ জীয়াৰীয়ে। তৃতীয় আন এজন বিখ্যাত ব্যক্তিৰ এই ৰোগটো হোৱা বুলি কাকতে-পত্ৰে পাইছিলো যদিও তেওঁ কিন্তু অতি সক্ৰিয় হৈ জীয়াই আছে। গতিকে সঁচাকৈয়ে তেওঁ এইৰোগৰ চিকাৰ হৈছিল নে নাই নাজানিলো। এইগৰাকী ব্যক্তি হ’ল অমিতাভ বচ্চন। মোৰ ধাৰণা হয় তেওঁৰ এই ৰোগ হোৱা নাছিল নাইবা ইতিমধ্যে ৰোগটোৰ চিকিৎসা আৱিষ্কাৰ হৈছে।

 গৃহস্থৰ তৃতীয়গৰাকী বায়েক কলকাতাৰ পৰা আঁতৰত বহৰমপুৰবাসী হোৱা হেতুকে তেওঁৰ তালৈ এবাৰহে গৈছিলো। ভিনীহিদেউ আছিল বহৰমপুৰ কলেজৰ সংস্কৃতৰ অধ্যাপক। তেওঁলোকৰ ঘৰত প্ৰথম আৰু বোধকৰো শেষবাৰৰ বাবে খেজুৰৰ ৰস খাইছিলো। খেজুৰ গছৰ পাতৰ ঠিক তলতে গা-গছৰ গাটো অলপ ৰেপি ৰেপি কাটে গধূলিৰ আগে আগে। কটা ঠাইডোখৰৰ তলত এটা পাত্ৰ ৰচিৰে ভালদৰে বান্ধি থয়। ওৰে ৰাতি খেজুৰৰ গছৰ পৰা ওলোৱা পাতল ৰসেৰে পাত্ৰটো ভৰি পৰে। ৰাতিপুৱা সেই ৰস পি খাইছিলো, ইমান যে সোৱাদ লগা! কিন্তু কেইঘণ্টামান পিছত এই ৰস ফাৰমেণ্টেড হৈ সুৰাজাতীয় পানীয়ত পৰিণত হয়। যাৰ ঘৰত কেইবাজোপা গছ আছে তেওঁলোকে নিজে এই ৰস পগাই গুড় প্ৰস্তুত কৰে, নহ'লে বেচি দিয়ে। কলকাতাৰ বজাৰত নানাধৰণৰ খেজুৰ গুড় পোৱা যায়— - জুলীয়া, ডাঠ আৰু গোটমৰা। বিহুৰ সময়ত খোলা-চাপৰি (তেওঁলোকে কয় সৰু চাকলি) পিঠা ভাজি জুলীয়া খেজুৰ গুড়েৰে খায়। আমেৰিকাত খাইছিলো মেপ্ল্ গছৰ পৰা একে পদ্ধতিতে নিষ্কাসন কৰা মেপ্ল্ ছিৰাপ। তেওঁলোকে খোলাচাপৰি পিঠাৰ দৰেই পেনকেক নামৰ পিঠা মেপ্ল্ ছিৰাপেৰে খায়। দুটা বিভিন্ন গোলাৰ্ধৰ মানুহৰ মাজত এই মিল দেখি ভাবিলো মানুহৰ উদ্ভাৱনী প্ৰক্ৰিয়া বোধকৰো একেই।

 কলকাতালৈ যোৱাৰ কেইবছৰমানৰ মাজত গুৱাহাটীৰ বৰজনাহঁতৰ কেইবাজনো ল’ৰাৰ বিয়া হ’ল। কইনাকেইজনী কলকাতাৰ হোৱা বাবে আমি বিয়াবোৰত যোগ দিব পাৰিছিলো। কৃষ্ণা নামৰ কইনাজনীৰ লগত ভতিজা দীপুৰ বিয়াৰ দিনা কইনা ঘৰত ভাত খাই থাকোতে জয়ে মোক বৰ লাজত পেলাইছিল। মাঘমহীয়া জাৰকালিৰ বিয়া। কাৰ্ডিগানটোৰ ওপৰত শ্বাল এখনো লৈছিলো। জয়ৰ কাষত বহিছিল কপাহী পেণ্ট আৰু পাতল চাৰ্ট পিন্ধা বাৰ/তেৰ বছৰ বয়সীয়া ল'ৰা এটা। কঁপি কঁপি সি ভাত খাই থকা দেখি সকলোৱে শুনাকৈ জয়ে চিঞৰি চিঞৰি মোক কৈছিল— ‘মা’,

বাকীছোৱা জীৱন /২৭