পৃষ্ঠা:অনিমা গুহ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোৱালপৰীয়া লোকনৃতা প্ৰদৰ্শন কৰিছিল। কুল গগৈৰ ঘৰতো সিদিনা নৃত্য-গীতৰ আসৰ বহিছিল। নীহাৰ বালাই সেই বয়সতো নাচি ভাগৰি পৰা নাছিল। তেওঁক দেখি মোৰো গা উঠিল। ‘ভালো কৰিয়া বাজাওৰে দোতৰা কমলা সুন্দৰী নাচে...’।


আত্মীয়-স্বজনৰ মাজত

 গুহ পৰিয়ালৰ ভালেকেইজন সদস্য কলকাতা আৰু ইয়াৰ সমীপৱৰ্তী কেইখনমান ঠাইত বাস কৰিছিল। মোৰ একমাত্ৰ দেওৰ হেমেন্দু তেতিয়া পশ্চিমবংগ চৰকাৰৰ পশুপালন বিভাগৰ সঞ্চালক। তেওঁৰ পত্নী কৰৱী শান্তি নিকেতনৰ কলাভৱনত শিক্ষাপ্ৰাপ্ত এগৰাকী চিত্ৰশিল্পী। তেওঁলোকৰ তিনিজনী জীয়াৰী মালবিকা, মহুৱা আৰু মধুমিতাৰ লগত জয়েও খুৰীয়েকৰ তত্ত্বাৱধানত ছবি আঁকিবলৈ শিকিছিল। মোৰ তিনিগৰাকী জেশাহু আৰু একমাত্ৰ ননদো কলকাতাৰ আশে-পাশে আছিল। আমি দুয়োগৰাকী জা ল'ৰা-ছোৱালীহঁতৰ স্কুল বন্ধ পালে লোকেল ট্ৰেইনত উঠি নৈহাটি, হালিশহৰ আৰু খড়দহত জেশাহু আৰু ননদৰ ঘৰলৈ গৈছিলো। লোকেল ট্ৰেইনবোৰ বিজুলী শক্তিৰ সহায়েৰে চলে। প্ৰথম প্ৰথম তেনে ৰে’লত উঠি বৰ স্ফূৰ্তি পাইছিলো। নৈহাটি জংচনৰ বাহিৰে বাকীবোৰ ষ্টেচনত অলপ সময় ৰখা বাবে টেনচনত ভোগা মনত পৰে।

 নৈহাটি এখন ঐতিহাসিক ঠাই। ইয়াৰে কাঁঠালিপাৰা চুবুৰিত বিখ্যাত সাহিত্যিক বংকিমচন্দ্ৰ চট্টোপাধ্যায় বাস কৰিছিল। ৰে’ল ষ্টেচনৰ কাষতে তেওঁৰ ভগ্নপ্ৰায় ঘৰটো আৰু লাইব্ৰেৰীটো দৰ্শন কৰাৰ পাছত যুগপৎ আনন্দ আৰু বিষাদে মনটো আবৰি ধৰিছিল। বিষাদ এই বাবে যে এনে এগৰাকী কালজয়ী সাহিত্যিকৰ বাসগৃহটো আৰু অলপ ভালদৰে সংৰক্ষণ কৰিব পাৰিলেহেঁতেন। শুনিছো চৰকাৰে যি অৰ্থ এইবাবে খৰচ কৰে ই অতি সামান্য। বংকিমচন্দ্ৰৰ মাটি-ভেটি, ঘৰ-দুৱাৰ দৰ্শন কৰাৰ ত্ৰিশ বছৰমান পাছত আমেৰিকাত দৰ্শন কৰিছিলো ৰিপ্ভ্যান উইংকলৰ লেখক ৱাশিংটন আৰভিঙৰ (১৭৮৩-১৮৫৯) হাডচন নৈৰ পাৰৰ সুৰক্ষিত ঘৰটো। সোমালেই ধাৰণা হয় ঘৰৰ গৰাকীজন জীয়াই আছে। স্বীকাৰ কৰো চহকী দেশৰ লগত দুখীয়া দেশৰ তুলনা নহয়। পিছে সেইখন দেশৰ ঘাইকৈ চহকী মানুহৰ দানেৰে বিখ্যাত ব্যক্তিসকলৰ ঘৰ-দুৱাৰবোৰ সংৰক্ষিত হয়। আমাৰ দেশৰ মানুহৰ দান-দক্ষিণা কৰাৰ অভ্যাস কম। কৰাসকলে ঘাইকৈ কৰে ধৰ্মীয় কামত আৰু মন্দিৰত। যি কি নহওক বংকিম চন্দ্ৰৰ

বাকীছোৱা জীৱন / ২১