পৃষ্ঠা:অনিমা গুহ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লিখা-মেলা কৰাৰ ফলত কঁকালৰ বিষত তত নোপোৱা অৱস্থা হৈছিল। তেতিয়া চিকিৎসা কৰাৰ সময় নাই। মনৰ জোৰতে নিৰ্দিষ্ট দিনত সকলো সমাপ্ত কৰি পাণ্ডুলিপি দাখিল কৰিবলৈ গৈছিলো গাইডৰ হাতত। সিদিনা মোৰ এনে অৱস্থা হৈছিল যে বহিলে বিষে খুন্দা মাৰি ধৰে, উঠিব নোৱাৰো। গতিকে মোনা এখনত পাণ্ডুলিপিটো ভৰাই বাছ টাৰ্মিনাছৰ পৰা বাছত উঠিলো। প্ৰায় ডেৰঘণ্টা পথ থিয়ৈ থিয়ৈ গ’লো। থিয়ৈ থিয়ৈ ড° মালহোত্ৰাৰ হাতত ফাইলৰ বোজাটো দি উভতি অহা বাছখনত বহি ক্লান্ত ভৰি দুখনক সকাহ দিবলৈ গৈ অনুভৱ কৰিলো কঁকালত প্ৰচণ্ড বিষ। ভাগ্য ভাল বাছ সলাবলগীয়া নহ'ল। ঘৰলৈ আহি কঁকালৰ বিষত দুদিন থাকিলো বিছনাত পৰি। সিদিনা ঘৰত আছিল জেশাহুৰ জীয়েক আভা। তায়ে গৰম পানীৰ বেগ-ছেগ দি মোক আৰাম দিছিল। যিমানদূৰ মনত পৰে পুনে বিশ্ববিদ্যালয়ত থিছিছখন জমা দিয়াৰ সময়টো আছিল ১৯৭৫ চনৰ প্ৰথমাৰ্ধ। কেইমাহমানৰ পাছত মোৰ নামৰ পাছত এটা নতুন ডিগ্ৰী যুক্ত হ’ল।

 সিদিনা মোৰ বিদ্যোৎসাহী দেউতালৈ মনত পৰাটো স্বাভাৱিক। ছোৱালীৰ বাবে স্কুল এখন নথকা কোকৰাঝাৰত ডাঙৰ হোৱা আমাক আজিৰে পৰা সাতটা দশক আগতে তেওঁ কেনেকৈ শিক্ষিত কৰি তুলিবলৈ চেষ্টা কৰিছিল সেইকথা ভাবি বিস্মিত হওঁ। মাৰ পৰাও কম অনুপ্ৰেৰণা পোৱা নাই। তেওঁ আমাক ঘৰুৱা কাম কৰিবলৈ দিয়া নাছিল। কৈছিল মগজুৰ প্ৰয়োজন নোহোৱা ঘৰুৱা কাম-বন পাছতো শিকিব পাৰি, কিন্তু পঢ়া-শুনা কৰিবলৈ লাগে কুমলীয়া মগজু। নতুন ডিগ্ৰীটো পাবৰ সময়ত মা জীয়াই আছিল। তেওঁৰো কিজানি দেউতালৈ মনত পৰিছিল।

 মা-দেউতালৈ মনত পৰাৰ পাছত মনত পৰিল কটন কলেজত পঢ়া দিনবোৰলৈ। ছাত্ৰ সমাজৰ মাজত সদায়ে কেইজনমান জমনি ছাত্ৰ-ছাত্ৰী থাকে যিসকলৰ উদ্ভাৱনী ক্ষমতাক তাৰিফ নকৰি নোৱাৰি। বৰ্তমান যুগত ডক্টৰেটৰ সংখ্যা অনেক হ’ল। আমাৰ সময়ত অৰ্থাৎ মই ১৯৪৭ চনত কটন কলেজত নাম লগোৱাৰ বহু বছৰ পাছলৈকে এইটো ডিগ্ৰীধাৰী অধ্যাপক আছিল কেইজনমান। অধ্যক্ষ হিচাপে আমি পাইছিলো ড° বাণীকান্ত কাকতিক আৰু উদ্ভিদ বিদ্যা বিভাগত অধ্যাপক আছিল ড° কমলা ৰয় আৰু ড° পাৰুকুট্টি বৰুৱাক। আমাৰ আগৰ চামৰ কোনোবা ছাত্ৰই এটা গাঁজাখুৰী বাতৰি উলিয়াইছিল বোলে— ড° বাণীকান্ত কাকতি ‘ডক্টৰ’ হোৱা শুনি তেওঁৰ সহকৰ্মী অধ্যাপক ‘অমুকৰ’ পত্নীয়ে স্বামীক তাচ্ছিল্যৰ সুৰত হেনো কৈছিল ‘বাণীবাবু ডাক্তাৰ হ’ল, আপ্ নি কম্পাউণ্ডাৰ হবাও নৰিল’। গাঁজাখুৰী গল্পটো কৈছিল মাৰ বায়েকৰ ল'ৰা

১৮/ বাকীছোৱা জীবন