পৃষ্ঠা:অনিমা গুহ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষ্টেটিছটিকেল ইনষ্টিটিউটটো উত্তৰৰ আন এটা মূৰত। এঘণ্টা-ডেৰঘণ্টাৰ বাট। মুঠতে সমগ্ৰ কলকাতাৰ মাজেৰে ঘূৰি-পকি বাছখন যায়। গাইডে কৈছিল সদায়তো যাব নালাগে, ঘৰতে কাম আগুৱাই মাজে মাজে আলোচনাৰ বাবে গ'লে হ’ব। সকলো সুবিধাৰ কথা শুনাৰ পাছতো মোৰ মনটো পৰি আছিল জয়ৰ পঢ়া-শুনাৰ ওপৰতহে। সিও পুনেৰ স্কুলখন এৰি আহি কম মানসিক যন্ত্ৰণা ভোগ কৰা নাছিল।

 আমাৰ ঘৰৰ ওচৰে-পাজৰে খেল-ধেমালি কৰিব পৰা কোনো খেলপথাৰ নাছিল। পাৰাৰ ল'ৰাবোৰে গলিতে ক্ৰিকেট বা ডাণ্ডা-গুটি বা মাৰ্বল খেলিছিল। খা-খবৰ কৰি তাক জৱাহৰ শিশু ভৱনত ভৰ্তি কৰালো হাতৰ কাম শিকিবলৈ। সি এঘণ্টা শিকিছিল মাটিৰ মূৰ্তি গঢ়িবলৈ আৰু আন এটা ঘণ্টা শিকিছিল ইলেকট্ৰিচিটিৰ কাম-কাজ। দুটা ঘণ্টা ছাত্ৰ-ছাত্ৰীসকলৰ মাকবোৰে বহি আড্ডা মাৰিছিল নহ'লে ইফালে-সিফালে ঘূৰি ফুৰিছিল৷ মই প্ৰথম প্ৰথম গল্প কিতাপ পঢ়িছিলো যদিও কিছুদিন যোৱাৰ পাছত মোৰ অৰ্ধসমাপ্ত থিছিছৰ ফাইলখন উলিয়াই পাত লুটিয়াবলৈ আৰম্ভ কৰিছিলো। ইলেকট্ৰিচিটিৰ কাম শিকি থকাৰ সময়ত তাৰ মন গ'ল ট্ৰেনজিছটাৰ এটা নিৰ্মাণ কৰিবলৈ। তাৰে পাৰ্টছবোৰ কিনিবলৈ আমি মেডোনা ষ্ট্ৰীটলৈ গৈছিলো। গান শুনিবলৈ সি ভাল পাইছিল, লৈ গৈছিলো গ্ৰামোফোন ৰেকৰ্ড কিনিবলৈ। তাৰো ধীৰে ধীৰে কলকাতাত মন বহিল। কিছুমান বিষয়ত তাৰ পুনেতকৈ কলকাতাকে ভাল লগা হ’ল। পুনেৰ বাছৰ কণ্ডাকটৰসকলৰ মাত কথা হেনো হুটা, সৰু ল'ৰা-ছোৱালীৰ প্ৰতি নিৰ্দয়। কলকাতাৰ কণ্ডাকটৰসকলে ল’ৰা-ছোৱালীক মৰম কৰিব জানে। তদুপৰি তাৰ খুৰাক- পেহীয়েকহঁতৰ ল'ৰা-ছোৱালীবোৰক মাজে-সময়ে লগ পাই বন্ধৰ দিনবোৰ আনন্দৰ মাজেৰে কটাবলৈ ধৰিলে। বন্ধু-বান্ধৱো বহু হ’ল।

 ময়ো মোৰ মানসিক অৱসাদ, ক্লান্তি, হতাশা আদি জাৰি-জোকাৰি থিছিছ শেষ কৰাত মনোনিবেশ কৰিলো। পূৰ্ণোদ্যমে আৰম্ভ হ’ল গৱেষণাৰ কাম। মোৰ থিছিছৰ বিষয় আৰু উদ্দেশ্যৰ কথা পূৰ্বে কোৱা হৈছে। আহৰণ কৰা ডাটাবোৰৰ পুংখানুপুংখ ষ্টেটিছটিকেল পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটৰ দৰে প্ৰতিষ্ঠান এটা পোৱা ভাগ্যৰে কথা। সেই প্ৰতিষ্ঠানৰ বৰ্তমান নামী গৱেষক ড° পাৰ্থপ্ৰতিম মজুমদাৰ তেতিয়া তৰুণ গৱেষক। তেওঁৰ পৰা মই যথেষ্ট সুবিধা পাইছিলো। গাইড হিচাপে ড° মালহোত্ৰা তুলনাহীন। দুয়োগৰাকী বিজ্ঞানীৰ লগত কাম কৰি উপকৃত হৈছিলো। ডেৰটা বছৰ ফাইলত বন্দী হৈ থকা মোৰ আধালিখা থিছিচখনে প্ৰাণ পাই উঠিল। শেষ হোৱাৰ আগে আগে কেইদিনমান ভালেপৰ ৰাতিলৈ বহি বহি

বাকীছোৱা জীৱন /১৭