পৃষ্ঠা:অনিমা গুহ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিব নালাগিছিল, হোমৱৰ্কৰ হেঁচাও বৰ নাছিল, শৈক্ষিক পৰিবেশ আছিল মুক্ত। পিছে তেতিয়ালৈকে স্কুল বিল্ডিং নিৰ্মাণ নোহোৱা বাবে ঘৰ এটাৰ সৰু সৰু কোঠাত থেপাথেপিকৈ ছাত্ৰ-ছাত্ৰীসকলে বহিবলগীয়া হৈছিল। খেলা-ধূলা কৰিবলৈ নাছিল তাত কোনো খেলপথাৰ। তদুপৰি বাংলাপাঠ আছিল বাধ্যতামূলক। সি পুনেত পঢ়ি আহিছে ইংৰাজীৰ উপৰি মাৰাঠী আৰু হিন্দী। কলকাতাত বাংলাৰ চিলেবাছখন আছিল তাৰ বাবে অতি টান। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উচ্চমানৰ বাংলা ময়েই বুজি নাপাওঁ। সি যে কি কৰিছিল ভাবিলে আজিও বুকুৰ কঁপনি উঠে। মুঠতে কলকাতালৈ আহি আমাৰ পানীত বুৰ যোৱাৰ অৱস্থা।

 যি কি নহওক স্কুলবাছত এসপ্তাহমান অহা-যোৱা কৰাৰ পাছত মুখখন গোমা কৰি এদিন জয়ে ঘোষণা কৰিলে যে স্কুলবাছত সি আৰু নাযায়, পাব্লিক বাছত যাব। কি কাৰণ সি কোনোমতে নকয়। লাগিলে স্কুলতে নপঢ়ে কিন্তু কাৰণটো নকয়। আজিকালি কলকাতাৰ বাছসেৱাৰ বহু উন্নতি ঘটিল, পিছে সেই সময়ত মানুহ বাদুলি ওলমা দি যাতায়াত কৰিছিল। আমাৰ ঘৰৰ ওচৰৰ পৰা দুমহলীয়া ৩৩ নম্বৰ বাছখনত ঠেলি-হেঁচি যদিওবা সোমাব পাৰি গন্তব্য স্থানত ওলাই অহা দুঃসাধ্য। তদুপৰি অচিনাকি ঠাইখনত এঘাৰ বছৰীয়া ল’ৰা এটাক অকলশৰে এৰি দিবলৈ ভয় লাগিছিল। উপায়হীন হৈ ময়ে চাৰিবাৰ তাৰ লগত অহা-যোৱা কৰিছিলো। এমাহমানৰ পাছত সি ক'লে বোলে সি লাল্লু ল’ৰা নহয় যে মাকৰ হাতত ধৰি স্কুললৈ যাব। অৱশেষত এদিন তাক অকলেই এৰিবলৈ বাধ্য হ’লো। যি কি নহওক কেইমাহমানৰ পাছত আমি দুয়ো ভিৰ বাছৰ পৰা নামিবলৈকো শিকিলো। কালক্ৰমে ইমানে এক্সপাৰ্ট হ’লো যে কলকাতাৰ ইমূৰৰ পৰা সিমূৰলৈ বাছেৰে টিঘিলঘিলাই ফুৰিব পৰা হৈছিলো দুয়ো।

 মানুহ অৱস্থাৰ দাস। ভাল নালাগিলেও কলকাতাৰ পৰিবেশৰ লগত খাপ খাই পৰিলো। প্ৰথমে যেতিয়া মনৰ বিধ্বস্ত অৱস্থা আছিল তেতিয়া ধৰিয়ে লৈছিলো মোৰ আধা হোৱা থিছিছখন আৰু কেতিয়াও সম্পূৰ্ণ নহয়। নিজৰ কথা পাহৰি জয়ক পৰিস্থিতিৰ সৈতে খাপখুৱাবলৈ চেষ্টা কৰি থাকিলো। গৃহস্থৰ বোধকৰো নিজকে অলপ দোষী যেন লাগিছিল পুনেৰ পৰা গুচি অহা বাবে। গতিকে তেওঁ এদিন মোৰ গাইড ড° কে চি মালহোত্ৰাক আমাৰ ঘৰলৈ আমন্ত্ৰণ জনালে। তেওঁ সিদিনা মোক আকৌ কামত মন বহুৱাবলৈ নানাভাৱে উৎসাহিত কৰিছিল। ড° মালহোত্ৰা আছিল ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটৰ অধ্যাপক। তালৈ নিয়মীয়াকৈ যোৱাটোও আছিল মোৰ বাবে আন এক সমস্যা। ইমান ডাঙৰ মহানগৰীখনৰ দক্ষিণে থাকো আমি আৰু

বাকীছোৱা জীৱন / ১৫