পৃষ্ঠা:অনিমা গুহ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাবি বননিৰে বেৰি থকা পৰিবেশত ডাঙৰ হৈছো, পুনেৰ পৰিবেশো মনোমুগ্ধকৰ। তদুপৰি আমি থকা গোখলে ইনষ্টিটিউটৰ কোৱাৰ্টাৰবোৰ নিৰ্মিত হৈছিল এক মুকলি পৰিবেশত। আমাৰ ঘৰৰ সন্মুখত আছিল এখন সমূহীয়া ফুলনি, তাৰ সিফালে মহাৰাষ্ট্ৰ এছ’চিয়েশ্যন ফৰ কাল্টিভেশ্যন অব্ ছায়েন্সৰ নানা তৰহৰ ফুলেৰে ভৰা এখন বিশাল ফুলনি। তাৰ পাছতে এলানি দিগন্ত বিস্তৃত পাহাৰ। পাহাৰৰ মাজেৰে যোৱা আলিবাটটোৰ গুৰিত ভাণ্ডাৰকৰ ওৰিয়েণ্টেল ৰিছাৰ্চ ইনষ্টিটিউটৰ সুচাৰুভাৱে ৰক্ষিত বিৰাট ভৱনটো। আমাৰ বেলকনিত বহিলে দৃষ্টি গৈ ঠেকা খায় ফুলনিবোৰ পাৰ হৈ পাহাৰত। পাহাৰৰ মাজেৰে যোৱা বাটটোৰ আনটো মূৰত চতুশৃংগী মন্দিৰ, মন্দিৰটো অৱশ্যে ঘৰৰ পৰা দেখা নাযায়। আজি ইমান বছৰৰ মূৰত পুনেৰ ৰূপৰ কিবা হানি হৈছে নেকি নাজানো, কিন্তু সেই সময়ত পুনেক এখন ফুলনি যেনেই লাগিছিল। আমাৰ ঘৰবোৰৰ পিছফালে আছিল আমৰ বাগিচা। মুঠতে এলেকাটো আছিল প্ৰদূষণমুক্ত, শব্দ প্ৰদূষণ কাক বোলে জনা নাছিলো। তদুপৰি পুনেৰ সংস্কৃতিৱান ব্যক্তিসকলৰ বাসো আছিল ডেকান জিমখানা নামেৰে খ্যাত অঞ্চলটোত। দেশ-বিদেশৰ পৰা অহা বিদ্বৎজনক সঘনাই লগ পাইছিলো।

 তেনে এক পৰিবেশৰ পৰা আহি অৱতৰণ কৰিলো এক নাৰকীয় পৰিবেশত। আলিপুৰ ৰোডত আগতে ভাড়া কৰি ৰখা ঘৰটোত সোমাই মোৰ তেনে ধাৰণাই হৈছিল। ঘৰটো যথেষ্ট আহল-বহল, সুদৃশ্য টাইল লগোৱা মজিয়া, দুৱাৰ-খিৰিকী আদি ভাল কাঠেৰে নিৰ্মিত। তথাপিতো তাত সোমাই ধাৰণা হ’ল যেন বাকচত বন্দী হ'লো। পুনেত দৃষ্টি গৈ ঠেকা খাইছিল দিগন্তত, কলকাতাৰ ঘৰটোৰ পৰা দৃষ্টি ঠেকা খাইছিল পাঁচ-ছয় হাত আঁতৰত থকা চুবুৰীয়াৰ ঘৰবোৰত। আকাশখন বিচাৰি হাবাথুৰি খাবলগীয়া অৱস্থা হৈছিল। পুৱা-গধুলি ওচৰ-পাজৰৰ ঘৰে ঘৰে জ্বলোৱা কয়লাৰ চৌকাৰ পৰা নিৰ্গত ধোঁৱাই উশাহ বন্ধ কৰি আনিছিল।

 কলকাতাও সংস্কৃতিৱান চহৰ। কিন্তু পুনেত একেটা এলেকাত প্ৰগতিশীল, আধুনিক মনস্ক ব্যক্তি বা পৰিয়াল পোৱাৰ দৰে কলকাতাত পোৱা নাছিলো। জয়ৰ স্কুল আৰু গৃহস্থৰ কৰ্মস্থল এই ঘৰটোৰ ওচৰতে বাবে মুকলি পৰিবেশ বিচাৰি ছল্টলেক বা তেনে কোনো দূৰ অঞ্চললৈ যোৱাৰ কথাও ভবা নাছিলো। জয়ক সত্যজিৎ ৰায় আৰু তেওঁৰ সমপৰ্যায়ৰ কেইগৰাকীমান সমাজ সচেতন আধুনিকমনস্ক ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা পাঠভৱন নামৰ স্কুলখনত সপ্তম শ্ৰেণীত নাম লগাই দিয়া হ'ল। এইখন স্কুলত শিক্ষাদান ব্যৱস্থা গতানুগতিক স্কুলৰ দৰে নহয়। ষষ্ঠ শ্ৰেণীলৈ কোনো ধৰণৰ পৰীক্ষা

১৪/ বাকীছোৱা জীৱন