পৃষ্ঠা:অনিমা গুহ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অপূৰ্ব শব্দ চয়নেৰে এক যুগৰ পৰা আন এক যুগলৈ কৰা জীৱন পৰিক্ৰমাক অতি সাৱলীল আৰু সুপৰিকল্পিত ৰূপত পাঠকৰ সন্মুখত দাঙি ধৰিছে য'ত পৰিস্ফুট হৈছে এক বিশেষ সময়ৰ দস্তাবেজ।

 ড° অনিমা গুহৰ স্মৃতিকথাৰ দ্বিতীয় খণ্ড ‘বাকীছোৱা জীৱন’ সুধী সমাজৰ হাতত তুলি দিবলৈ পাই আমি এক অনিৰ্বচনীয় সুখ লাভ কৰিছো ৷ ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ৰ প্ৰথম খণ্ডই কম সময়তে পাঠকৰ পৰা পোৱা সঁহাৰি আৰু সমাদৰৰ দৰে ড° গুহৰ ‘বাকীছোৱা জীৱন’ কথাই পাঠকক আকৰ্ষিত কৰিব বুলি আমি আশা কৰো।

 শ্ৰদ্ধাৰে—

বিনু দেউৰী বৰুৱা