পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
আনন্দ ৰাম ঢেকিয়াল
 

চাহাব কমিচনৰ নিযুক্ত হয়। এওঁক আমাৰ মানুহে কেৰিকেৰাপট বুলিছিল। হলিৰাম ফুকনৰ কাৰ্য্যদক্ষতা গুণ সেইজনা চাহাবে জানিছিল। গুৱাহাটীত এজন এচিষ্টাণ্ট মেজিষ্ট্ৰেট গবৰ্নমেণ্টে গ্ৰাহ্য কৰাত হলিৰাম ফুকন সেই পদত নিযুক্ত হল। তেওঁৰ মাসিক বেতন ২৩০ টকা আছিল।

 ৰণৰামৰ কন্যা যজ্ঞেশ্বৰীৰ দীফলু সত্ৰৰ ধীৰচন্দ্ৰ গোস্বামীৰ সহিত বিবাহ হয়। ৰণৰামৰ প্ৰথম পত্নীৰ কেইবাটিও সন্তান হৈ মৃত্যু হয়। তেতিয়া কেৱল বিজয়ৰাম নামে পুত্ৰ আৰু লীলেসী নামে এটি কন্যা আৰু গঙ্গাৰাম নামে এটি পুত্ৰ থাকে। দ্বিতীয় পত্নীৰ যজ্ঞেশ্বৰী বিনে আৰু কোনো সন্তান নাছিল। হলিৰামে কাশীৰপৰা মঙ্গলচণ্ডীৰ পূজ৷ আৰু ব্ৰতৰ বিধান আনে। এই ব্ৰত কৰিলে সন্তান জন্মে। যজ্ঞেশ্বৰীৰ মাতৃয়ে সেই ব্ৰত এক বৎসৰ কৰে। তাৰ পাচে এটি পুত্ৰ হয়। তেওঁ প্ৰসৱ কষ্ট ভোগ কৰে। গুৱাহাটীৰ ডাক্তৰ চাহাবৰ অস্ত্ৰ চিকিৎসাৰ গুণে তেওঁ ৰক্ষা পৰে। সীতাৰাম বৰুৱাই ভাগ অংশ পাবৰ নিমিত্তে ন লক্ষ বাসত্তৰ হাজাৰ টকাৰ দাবী কৰি আদালতত গোচৰ কৰে। সেই গোচৰ ঘৰুৱাৰূপে মীমাংসা হয়। যজ্ঞৰাম ফুকনে পুলিচ চুপাৰিণ্টেণ্ডেণ্টৰ বিষয় পাই উজনীলৈ গৈ যোৰহাটত থাকিল। তেওঁৰ লগত বিজয়ৰাম যায়।

 হলিৰাম ফুকনৰ শৰীৰ ৰুগ্ন আছিল। তেওঁৰ ৰসবাতৰ নৰিয়া আছিল। এই নিমিত্তে তেওঁ সময়ে সময়ে কষ্ট পাইছিল। ১৭৫৪ শঁকৰ বাৰিষা তেওঁ বৰজনা ঘৈণী আৰু আনন্দৰামক লৈ উমানন্দ পৰ্ব্বতলৈ গল, তাতে বাস কৰিবলৈ ধৰিলে। তেওঁ তাৰেপৰা আহি কাছাৰীৰ কৰ্ম্ম কৰিছিল। সেই দেৱালয়ত তেওঁ মহামৃত্যুঞ্জয় শিৱৰ পূজা কৰাইছিল। শ্ৰাৱণ মাহৰ কৃষ্ণা ত্ৰয়োদশীৰ দিনা প্ৰভাততে তেওঁ উঠি মুখ-হাত ধুই শৰীৰ অসুস্থ পাই আকৌ শয়ন কৰিবলৈ গল। তেওঁ শৰীৰৰ উপকাৰৰ অৰ্থে কানি খাইছিস আৰু প্ৰতিদিন পুৱা নিদানিক ঔষধ খাইছিল।