পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
আনন্দৰাম ঢেকিয়াল
 


৩৫ শকত বুঢ়াগোঁহাই ডাঙৰীয়াৰ আজ্ঞাৰে ৰণৰাম আৰু আনন্দৰাম গোঁহাই কাশীলৈ গৈ ৰজাৰ অৰ্থে এক শিৱ স্থাপন আৰু মঠ কৰে। সেই মঠ এতিয়াও “কামৰূপী মঠ” বুলি প্ৰসিদ্ধ। ব্ৰহ্মচাৰীয়ে কৰা নিয়মে দুৱাৰৰ কাৰ্য্য আৰু বেপাৰ কৰি পৰশুৰাম বৰুৱাৰ অভ্যুদয় সম্পত্তি হল। ভূতৰ পুতেকৰ দ্ৰোহ নিবাৰণৰ পাচে যেতিয়া গুৱাহাটীৰ বদনচন্দ্ৰ বৰফুকনক বুঢ়াগোঁহাইয়ে ধৰিবলৈ মানুহ পঠায় আৰু যেতিয়া সেই ফুকন পলাই যায় তেতিয়া সেই ফুকনক ধৰিবৰ নিমিত্ত ৰাজ আজ্ঞাৰে পৰশুৰাম বৰুৱাই লোক পঠায়। ইয়াৰ কিছুদিনৰ পাচতে পৰশুৰাম বৰুৱা ১৭৩৮ শকৰ বৈশাখৰ শুক্লা চতুৰ্থীত লোকান্তৰলৈ গমন কৰিলে। তেওঁৰ শ্ৰাদ্ধ বৰ সমাৰোহেৰে কৰা হল। অতি সামান্য দক্ষিণাও ১০ টকাৰ কম নাছিল। সেইৰূপ শ্ৰাদ্ধ কৰাৰ বাবে ৰজাঘৰৰপৰা জগৰ লাগিছিল।

 পৰশুৰাম বৰুৱাৰ দিনত অভ্যুদয় সম্পত্তি আছিল। গোলাগঞ্জ বেপাৰ সৰহ আছিল। খাত-পাম সৰহ আছিল। ব্ৰাহ্মণে অনা পানীৰেহে ভোজনৰ কাৰ্য্য হৈছিল। ব্ৰহ্মচাৰীয়ে মৎস্য-মাংস নাখাইছিল, সেইদেখি তেওঁবিলাকেও মৎস্য-মাংস নাখাইছিল। বেটী-বান্দী বিস্তৰ আছিল। প্ৰতিদিন তৈজস পাত্ৰত ৰন্ধন হৈছিল। শূদ্ৰই ভোজনৰ ঘৰলৈ যাব নোৱাৰিছিল। সামান্য কথাতে পৰশুৰাম বৰুৱাই ঘৈণীবিলাকক আৰু পৰিবাৰবৰ্গক বহুমূল্য পুৰস্কাৰ দিছিল। তেওঁৰ শৰীৰ ৰুগ্ন আছিল দেখি ইমান ঐশ্বৰ্য্যতো তেওঁ সামান্য আহাৰহে কৰিছিল। পৰশুৰাম বৰুৱাই জখলাবন্ধা সত্ৰৰ বিষ্ণুদেৱ গোসাঁইৰ কন্যা সুধমৰ্ণা আৰু আঠগঁয়া বিষ্ণুৰাম হাজৰীকাৰ দ্বিতীয় কন্যা ৰণৰামৰ প্ৰথম স্ত্ৰী ইন্দ্ৰানীৰ কনিষ্ঠা ভূবনেশ্বৰীক বিবাহ কৰায়। এই দুজনাৰ কোনো সন্তান নহল। পৰশুৰাম বৰুৱা বৰ প্ৰতাপী লোক আছিল। সেই সময়ত কোনো এজন বিদেশী পৰিব্ৰাজক আহি দেশ চাই ইয়াকে কৈছিল বোলে, “উজনীত বুঢ়াগোঁহাই আৰু ভাটীত পৰশুৰাম”