পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
আনন্দৰাম ঢেকিয়াল
 


সৈন্যেৰে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ সাহায্যলৈ পঠালে।

 উজনী খণ্ডত তিয়ক নামে এখনি বৰ্দ্ধিষ্ণু গ্ৰাম আছিল। তাতে গৌতম গোত্ৰৰ কেইঘৰমান ব্ৰাহ্মণ আছিল। তেওঁবিলাক তিয়কীয়া অধ্যাপকৰ ঘৰৰ বুলি প্ৰসিদ্ধ। মোৱামৰীয়া বা মৰাণৰ উপদ্ৰৱত সেই ঘৰৰ এজন ব্ৰাহ্মণে তেওঁৰ স্ত্ৰী আৰু যোগাই নামে এটি আঠ বছৰীয়া ল'ৰা লৈ নাৱেৰে ভটীয়াই আহে। সেই সময়ত দেশত উপদ্ৰৱ হোৱাত কৃষি-বাণিজ্য নাছিল। বিশেষ পলাই আহিব লগীয়া মানুহবিলাকে লগত সকলো সামগ্ৰী নিব নোৱাৰিছিল। অধ্যাপক কেইবাদিনো উপবাসে আছিল। এতিয়া যেনেকুৱা আমাৰ অসমীয়া মানুহৰ তামোলৰ প্ৰতি বৰ শ্ৰদ্ধা, ভাত নাখাই বৰঞ্চ থাকিব পাৰে, তামোল নাখাই থাকিব নোৱাৰে, অতি কষ্ট বোধ কৰে, তেতিয়াও তেনেকুৱা আছিল। তেওঁবিলাকৰ লগত তামোল-পাণ নাছিল; আৰু তাক খোৱাও নাছিল। এদিনা এঠাইত ব্ৰহ্মপুত্ৰত তেওঁবিলাকে নাও চপাইছিল। লুইতত দৈবাৎ পাণ-তামোল উটি আহিছিল। যোগাইৰ মাকে স্নান কৰি সেই তামোল- পাণ খালে। অধ্যাপকে ম্লান কৰি তেওঁৰ পত্নীক তামোল খোৱা দেখি তামোল-পাণ ক’ত পালে সুধিলে ৷ তেওঁ কলে যে “লুইতত উটি অহা পাই খালো”। অধ্যাপকৰ ইয়াতে বৰ ক্ৰোধ জন্মিল আৰু কলে বোলে, “তই যেতিয়৷ কি জানি কোনে কেনেকৈ উটাই দিছে তাক বিচাৰ নকৰি উটি অহা তামোল আকাল বুলি খালি তোত বিশ্বাস নাই”। এই বুলি অনেক তিৰস্কাৰ কৰি অধ্যাপকে তেওঁক সেই ঠাইতে পৰিত্যাগ কৰি নাও মেলি ভটীয়াই গ'ল। আইজনাৰ শেষ অৱস্থা কি হল কোনেও কব নোৱাৰে। অধ্যাপক যোগাইক, লৈ গৈ লগৰ মানুহে সৈতে গুৱাহাটীৰ সিপাৰে অশ্বক্লান্তত থাকিলগৈ।

 কাপ্তান ওৱেলচ্‌ চাহাব ১৭৯২ ইংৰাজী শকৰ ২৯ নবেম্বৰত