পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
 


 আমাৰ দেশৰপৰা যি লোক বেজ বিচাৰি গৈছিল সেই সকলেও গৈ মুৰচিদাবাদ পালে। আৰু যি আখড়াত লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী আছিল, সেই আখড়াৰ ঘাটতে নাও চপাইছিল। আমাৰ লোকসকলৰ মুগা আৰু পাটৰ দীঘল আৰু সুন্দৰ চুৰিয়া, কাঁহ-পিতলৰ সুন্দৰ বাচন আৰু আঁৰকাপোৰ ইত্যাদি আৰু সেইসকলৰ আচাৰ-ব্যৱহাৰ দেখি সেই ঠাইৰ লোকসকল চমৎকৃত হল। ব্ৰহ্মচাৰী বাবাই তেওঁবিলাকক লগ পাই পৰিচয় ললে আৰু যি উদ্দেশ্যে গৈছিল তাকো সুধিলে। আৰু সেই দেশ ইংৰাজৰ অধীন হয়নে নহয় তাকো জিজ্ঞাসা কৰিলে। আমাৰ লোকসকলে কলে যে তেওঁবিলাক অসম কামৰূপৰ; সেই দেশ ইংৰাজৰ অধিকৃত নহয় আৰু চক্ষু ৰুৎপাটিত লোকক চক্ষুদান কৰিব পৰা বৈদ্য অনুসন্ধান কৰি তালৈ গৈছে। এই কথা শুনি ব্ৰহ্মচাৰী বাবাই ঈষদ্ধাস্য কৰি কলে, “এই নিমিত্তিহে এনে হৈছে।” বাবাই তেওঁবিলাকৰ লগত অসম দেশলৈ আহিবলৈ প্ৰতিজ্ঞা কৰিলে। তেওঁ কামৰূপৰ কামাখ্যাৰ নাম শুনিছিল। এই সুযোগতে কামাখ্যা দৰ্শন কৰিব পাৰিব ইয়াকো ভাবিলে আৰু ইয়াকো স্থিৰ কৰিলে যে ৰজা বৰ নিৰ্বোধ, তেওঁক চকুকঢ়া লোকক পুনৰায় চকু দিব নোৱাৰি, এইটে৷ বুজাই ক'লে তেওঁ বুজিব। ব্ৰহ্মচাৰী বাবাই আমাৰ দেশৰ লোকসকলেৰে সৈতে কেইজনমান সন্ন্যাসী লগত লৈ এই দেশলৈ যাত্ৰা কৰিলে।

 ১৭০৯ শকত গৌৰীনাথসিংহ ৰজাৰ ৰাজত্ব মোৱামৰীয়াৰ দ্বাৰাই ইফালে লণ্ড-ভণ্ড হল। ৰজা ভটীয়াই গুৱাহাটীলৈ আহিল। পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙ্গৰীয়া নগৰতে গড় মাৰি থাকিল। দেশৰ চাৰিওফালে মোৱামৰীয়াই প্ৰজাক উপদ্ৰৱ কৰিবলৈ ধৰাত প্ৰজা ভাগি নানা স্থানলৈ গল। ৰজাই মোৱামৰীয়াৰ উপপ্লৱ নিবাৰিবৰ অৰ্থে ব্ৰিটিচ গবৰ্ণমেণ্টলৈ সাহায্য প্ৰাৰ্থনা কৰি পঠালে। ব্ৰিটিচ গবৰ্ণমেণ্টে কাপ্তান ওৱেলচ্‌ চাহাবক কিছুমান