পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশদ আলোচনাৰে এই মত দাঙি ধৰিছোঁ যে সত্যাগ্ৰহ, বন্ধ, বক্তৃতা, সমাৱেশ আদিৰে বিদেশী বহিষ্কাৰ কৰিব নোৱাৰি, আৰু তথাকথিত “আলোচনা”বোৰ ভুৱাৰ বাহিৰে আন একো নহয়, কিয়নো অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰাৰ কোনো আগ্ৰহ কেন্দ্ৰীয় চৰকাৰৰ থাকিব নোৱাৰে (কিয় নোৱাৰে সেই কথাও বহুতে ফঁহিয়াই দেখুৱাইছে, আমি ইয়াত সেই প্ৰসংগ টানি বাহুল্যৰ সৃষ্টি নকৰোঁ)। সমাৱেশ, বক্তৃতা, বন্ধ আদিৰ প্ৰয়োজন আন্দোলনৰ আৰম্ভণিতে হয়তো আছিল, যাৰ দ্বাৰা ছাত্ৰসকলে (ৰাইজৰ অকুণ্ঠ সহযোগিতাত) বিদেশী ভোটদাতা-কণ্টকিত নিৰ্বাচন বন্ধ কৰিছে আৰু সমস্যাটোক এটা “জাতীয় (সৰ্বভাৰতীয়) সমস্যা” বুলি স্বীকৃত কৰাইছে— তেল অৱৰোধ আদি কিছুমান অপূৰ্ব কাৰ্যপন্থাৰে সমস্যাটোৰ প্ৰতি আন্তৰ্জাতিক মনোযোগ আকৰ্ষণ কৰাইছে। কিন্তু তাতেই আন্দোলন সম্পূৰ্ণ নহয়, সেইবোৰ আন্দোলনৰ ঢাপ মাত্ৰ। একেকেইটা ঢাপতে উঠা-নমা কৰি থাকিলে সেইটো নহয়গৈ অৱশেষত এটা পশ্চাৎগামী ক্ৰিয়া, আৰু তাৰ ফল হয় হানিকৰ। এই কথাও আন্দোলনৰ নেতাসকলে ভালকৈয়ে উপলব্ধি কৰিছিল, আৰু নানাজন চিন্তাশীল ব্যক্তিয়ে বিস্তৃত আলোচনা কৰি দেখুৱাইছিল যে অৱশেষত অসমক বিদেশীমুক্ত কৰাৰ কামটো অসমীয়া মানুহেই কৰিব লাগিব (কেন্দ্ৰীয় চৰকাৰে কেতিয়াও নকৰে), আৰু “স্বাৱলম্বিতা”ই (সকলো অৰ্থত) তাৰ পথ। (অন্য পথ নোহোৱা নহয়, কিন্তু ইয়াত সেইবোৰ আলোচনা কৰিব খোজা নাই) আন্দোলনৰ পৰা উদ্ভূত নানাবিধ পৰামৰ্শৰ ভিতৰত এই “স্বাৱলম্বী আন্দোলন” আছিল আমাৰ বোধেৰে প্ৰকৃত কাৰ্যক্ষম পন্থা— আৰু সঁচাকৈয়ে সেই আন্দোলনত আন্তৰিকতাৰে লাগি থকাহেঁতেন আজি তিনি বছৰে বিদেশী বহুখিনি কমি গ'লহেঁতেন আৰু আমাৰ মনোবল বহুখিনি সবল হ’লহেঁতেন। “স্বাৱলম্বী”ৰ নামত কোনে টকা লুটিলে? স্বাৱলম্বী উদ্যোগ বন্ধ হ’ল কিয়? প্লাইউড অৱৰোধ কিয় এটা কেলেংকাৰী লৈ পৰিণত হ'ল? ইত্যাদি এশ এটা প্ৰশ্ন এই প্ৰসংগত উঠিব পাৰে, আৰু

৫৮<<চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা