পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাঢ়ি গৈ আছে )। “বন্ধ” মানে হ’ল স্থানীয় উদ্যোগৰ মৃত্যু আৰু গাঁৱে-ভূঞে অত্যাচাৰ, ধৰ্ষণ, গুলি, কুমলীয়া ল’ৰা হত্যা.... (এইবোৰৰ) ফলত ইমানদিনে যি ঘটিছে সেয়া আন্দোলনৰ লক্ষ্যৰ ঠিক বিপৰীত— বাংলাদেশী এটাও কমা নাই, বাঢ়ি গৈছে.... সেয়ে, ‘আছু’ আৰু অ.স.প.লৈ আমাৰ অনুৰোধ, তেওঁলোকে এইবোৰ নিষ্ফল কাৰ্যপন্থা আৰু দমন-দুৰ্গতিৰ মাজলৈ ৰাইজক ঠেলি নিদি তেওঁলোকেই হাতত লোৱা গঠনমূলক কাৰ্যাৱলীৰে আন্দোলন চলাই নিয়ক, যেনে— ( আশু প্ৰয়োজনীয়ৰ ভিতৰত )ঃ ( ক ) অসমীয়া বিৰোধী/বাংলাদেশী দোকান-পোহাৰ বৰ্জন ( নিতান্ত এৰাব নোৱৰা অৱস্থাত বাদে ) ( খ ) বাংলাদেশী বনুৱাক (ঘৰৰ কামত, খেতিৰ মাটিত, দিন হাজিৰা আদিত ) বৰ্জন ( গ ) বিদেশীক মাটি বিক্ৰী কৰা/লীজ দিয়া বন্ধ/বিদেশীৰ হাতলৈ যোৱা মাটি যথাসম্ভৱ পুনৰুদ্ধাৰ (ঘ) অসমবিৰোধী কাকত/আলোচনী বৰ্জন, ইত্যাদি ( এইবোৰ ..... সৰ্বজনস্বীকৃত পৰামৰ্শ )। অন্ততঃ এইখিনি কৰিব পাৰিলেই ছমাহৰ ভিতৰত আমি দেখিম যে বুজন পৰিমাণৰ বিদেশী কমি গৈছে— আৰু ৰাইজে এইবোৰ কৰিব, যদি ছাত্ৰ সন্থা আৰু গ.স. পৰিষদে ৰাইজক আহ্বান দিয়ে, কিয়নো তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা এতিয়াও অটুট আছে.....”

 আজি অৱশ্যে সেই আস্থা— অন্ততঃ আমাৰ নিজৰ— তেনেদৰে আৰু অটুট নাই, ‘স্বাৱলম্বী আন্দোলনো অন্যান্য ‘চাৰ্কাছ’ৰ দৰে ফাক্কা আৱাজত লীন গৈছে, কিন্তু সঁচাকৈয়ে কিবা কৰাৰ আন্তৰিকতা থাকিলে তেওঁলোকৰ এতিয়াও ৰাইজৰ আস্থা পুনৰুদ্ধাৰ কৰাৰ সময় আছে। কথাই-অকথাই পঢ়া-শুনা, ব্যৱসায়-বাণিজ্য, যানবাহন সকলো ‘বন্ধ’ কৰি শ’গান দি থাকিলে বিদেশী বহিষ্কৃত নহয়, এই কথা আমি কেতিয়া উপলব্ধি কৰিম? কেতিয়া উপলব্ধি কৰিম যে বিদেশীৰ আগমন আৰু আধিপত্য বন্ধ কৰিবলৈ হ'লে আমি নিজে কাম কৰিব লাগিব, ব্যৱসায়-বাণিজ্য আমাৰ নিজৰ হাতলৈ আনিব লাগিব, আমাৰ খেতি আৰু মাটি আমাৰ নিজৰ হাতত ৰাখিবই লাগিব, বিশেষকৈ আমাৰ আপুৰুগীয়া মাটি?

৫৬ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা