পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মপ্ৰবঞ্চনাত মজি থাকি আমি শীঘ্ৰেই এনেকুৱা অৱস্থালৈ নামিম, য'ৰ পৰা আৰু উঠি অহাৰ উপায় নাথাকিব। পঢ়ুৱৈয়ে যেন আমাক ভুল নুবুজে আমি কাকো উপলুঙা কৰিব খোজা নাই আৰু কাকো গৰিহণা দিব খোজা নাই। অনুৰূপ অৱস্থাত আমি নিজেও যে নপলাম, বা খুব কিবা এটা বীৰপুৰুষৰ দৰে আচৰণ কৰিম, সেই কথা আমি ক’ব নোৱাৰোঁ — কিন্তু আমাৰ কথা হ’ল : সেইখিনি সৎ সাহস আৰু আত্মপ্ৰত্যয় ইমানদিনে আমাৰ আহিব লাগিছিল। “আত্মৰক্ষা (যদি) আমাৰ কৰ্তব্য” তেনেহ'লে অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে আত্মৰক্ষাৰ এটা সুসংগঠিত প্ৰণালী ইমানদিনে চালু হ’ব লাগিছিল। নহয়, আমি ব্যক্তিগতভাৱে কাকো গৰিহণা দিয়াৰ ধৃষ্টতা নাৰাখোঁ, আমি গৰিহণা দিছো অসমত বিয়পি পৰা গান্ধীবাদী অহিংসাৰ ভ্ৰান্তিৰ শ্বাসৰুদ্ধকাৰী বিষাক্ত বতাহক, যিয়ে পংগু আৰু পক্ষাঘাতগ্ৰস্ত কৰি পেলাইছে, আমাৰ ঘৰৰ তিৰোতা মানুহক ধৰ্ষণ কৰি থৈ গ’লেও আমি ‘অহিংসা মহাপাপ’ বুলি পৰম অহিংস হৈ পেঁপুৱা লাগি বহি আছোঁ। জাতীয় আত্মৰক্ষাৰ এনেকুৱা এটা আন্দোলনত ইমান বছৰে আমাৰ বিন্দুমাত্ৰও যদি নৈতিক আৰু দৈহিক সাহস আহিলহেঁতেন! আমি গৰিহণা দিছোঁ এই কথাক যে অহিংসা’ৰ এটা সম্পূৰ্ণ ভুল আৰু ক্লীব ধাৰণা আন্দোলনৰ নেতা আৰু আমাৰ চিন্তাভীৰু খবৰ কাগজকেইখনে ব্যাপ্ত কৰি দিছে, ফলত নৈৰাশ, নিষ্ক্ৰিয়তা আৰু নৈতিক অসাধুতাই ( যেনেঃ ‘বন্ধ’ৰ দিনত ছা. স.ৰ ভয়ত কামলৈ নোযোৱা কিন্তু দৰমহা-বিলত উপস্থিতি দেখুৱাই চাকৰি বজায় ৰখা ) দেশছানি পেলাইছে— এই ধাৰণাই আমাৰ মনত শিপাইবহিছে যে আমি আৰু একো কৰিব নোৱাৰোঁ। আমাৰ আৰু একো কৰিবলগীয়া নাই, মাথোঁ মাজে মাজে শ্ল'গান দিম আৰু ‘গৰিহণা’ দিম আৰু লাইট নুমাম, আমাৰ এইবোৰ কুচ–কাৱাজ দেখি চৰকাৰে বিদেশী খেদি দিব। অৰ্থাৎ, আমি সকলো পাবৰ চেষ্টা কৰিছোঁ ভুৱাৰ মাজেদি আৰু দুৰ্বলতাৰ স্থিতিৰ পৰা। সেইটো কেতিয়াও নহ’ব। ভুৱা সকলোৱে বুজি পায় ( অমুক তাৰিখৰ পৰা ছা. স. ই নিজেই বিদেশী চিনাক্তকৰণ আৰম্ভ কৰিব বুলি চৰকাৰক ভুৱা ভাবুকি দিয়াৰ কথা কি চৰকাৰৰ মনত নাই? ),

৫৪ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা