পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেলুন ফুকাইবা ঘৰ-দুৱাৰ আন্ধাৰ কৰি জুপুকা মাৰি বহি থাকিলে আত্মৰক্ষা নহ’ব, বৰং আৰু কেইটামান কোব খাম (যিটো ঘটি আছে)। ছা. স. ই মাজতে “আত্মৰক্ষা আমাৰ কৰ্তব্য” বুলি বেজ বাহিৰ কৰিছিল, আমি সকলোৱে স্বাগত জনাইছিলো— সেই বেজবোৰ ক'লৈ গ'ল, আৰু সেই কৰ্তব্য ক’ত পালন কৰা হৈছে? (আত্মৰক্ষাৰ এটা মাত্ৰও উদাহৰণ ছা.স.ই আমাক দিয়ক)। তথাকথিত “স্বেচ্ছাসেৱকবাহিনী”বোৰৰ কাম কি, সেইবোৰে কি কৰিছে? সেইবোৰ ক'লৈ গ'ল? এই সকলো ভুৱা? শ্বহীদ বেদীবোৰৰ পবিত্ৰতা কোনে ৰক্ষা কৰিছে? যদি শ্বহীদ বেদী ধ্বংসৰ প্ৰতিৰোধ দিব নোৱাৰোঁ, সেইবোৰ সাজি শ্বহীদক অপমান কৰাৰ আমাৰ কি অধিকাৰ আছে? এজনো ল’ৰা আজিলৈকে কিয় নোলাল যিজনে ক'ৰবাত বিন্দুমাত্ৰও প্ৰতিৰোধ দিছে? গুৱাহাটীৰ মাজমজিয়াৰ স্কুল এখনত এটামাত্ৰ কাবুলি সোমাই গৈ শিক্ষকজনক ঘুচিয়াই ঘুচিয়াই একেবাৰে মাৰি পেলালে, স্কুল গিজগিজাই টেটু ফালি শ্ল'গান চিঞৰি থকা “লাচিত” ল’ৰাৰ জাক পলাই-পত্ৰং দিলে (অৱশেষত কাবুলিক ধৰি বন্দী কৰিলে বয়সীয়া প্ৰধান শিক্ষকজনে!) এইবোৰ ডেকা ল'ৰাৰ ডেকা তেজৰ উদাহৰণ? এইবোৰে নেদেখুৱাইনে, আমাৰ যুৱক শক্তিৰ নৈতিক সাহস আজি কোন বিন্দুত? কিমানখিনি আন্তৰিকতা (কথাই-কামে) আজি আমি আমাৰ মানুহৰ মাজত দেখো? গাঁৱৰ সৰল ৰাইজ আৰু ল’ৰা-ছোৱালীৰ আন্তৰিকতা পৃথিৱীয়ে দেখিছে, তেওঁলোকে সৰল বিশ্বাসত উদ্বুদ্ধ হৈ নিৰ্ভয়ে প্ৰতিদিন গুলি খাবলৈ আগুৱাই গৈছে, কিন্তু সেই একে সময়তে চহৰৰ ল’ৰাই কাণত ট্ৰেঞ্জিষ্টৰ চেপি ধৰি ভাৰতীয় ক্ৰিকেট দলৰ কেইজন আউট হ’ল সেই লৈ ব্যতিব্যস্ত। নিজৰ দেশক ভালপোৱাৰ, নিজৰ দেশৰ মানুহৰ দুৰৱস্থাত উদ্বিগ্ন হোৱা অনুভূতিৰ কোনো অংকুৰ এই ধ্বনিসৰ্বস্ব ‘আন্দোলনে’ যুৱক শক্তিৰ চেতনালৈ আনি দিছেনে?

 এইবোৰ কথাৰ উল্লেখ পীড়াদায়ক, কিন্তু প্ৰবল অনিচ্ছা সত্ত্বেও এইবোৰ আমি আঙুলিয়াই দিব লগা হৈছে, নহ’লে ভুল প্ৰচাৰ আৰু

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৫৩