পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোঁৱৰো, তেনেহ'লে আমি তেওঁলোকৰ স্বাধীন অসমৰ প্ৰয়াসক স্বপ্নবিলাস বা ‘ইউট’পিয়ান’ বুলি নিশ্চয় ভাবিব নোৱাৰোঁ৷ ‘স্বাধীন অসম’ এটা আকাশকুসুম নহয়— স্বাধীন হৈ থাকিবলৈ বিৰাট মাটিকালি নালাগে (শ্ৰীলংকা), বিৰাট সৈন্যবাহিনী নালাগে (ভূটান), বিশাল সা-সম্পদ নালাগে (নেপাল, জাপান.... যদিও অৱশ্যে সা-সম্পদ আমাৰ প্ৰচুৰেই আছে) লাগে মাথোঁ স্বাধীনতাৰ স্পৃহা, বাকীবোৰ আহিব। (ভাৰতীয় শাসকে ক’ব, এইটো অসম্ভৱ। যুদ্ধ কৰি তুমি স্বাধীন হ’ব নোৱৰা, গতিকে ভাৰতৰ তলত থাকা। আপাতদৃষ্টিত, নোৱাৰোঁ— কিন্তু আচলতে, পাৰোঁ, কিন্তু সেই কথা আলোচনাৰ স্থান এইটো নহয়। কিন্তু স্বাধীনচিতীয়া আৰু স্বাৱলম্বী সকলো অৰ্থত হ'লে সকলো সম্ভৱ। স্বাধীন হোৱাটো অসম্ভৱ? বাৰু, ইতিহাসে দেখুৱাব)

 (৪) এই মুহূৰ্তত কি কৰা উচিত হ’ব সেই প্ৰসংগত আমি আগেয়েও প্ৰয়াত জ্ঞাননাথ বৰাৰ ওপৰোক্ত প্ৰবন্ধৰ পৰা উদ্ধৃত কৰিছোঁ : “নিজৰ দেশ নিজৰ জাতিৰ এনে দুৰৱস্থা হ’লে সেই জাতি থাকে কেনেকৈ? সেই জাতিক ৰক্ষা কৰিবলৈ কোনো নাই। নিজে নিজক ৰক্ষা কৰিব নোৱাৰিলে আন কোনো উপায় নাই। আত্মৰক্ষাই যেতিয়া ঘাই কাম হৈ পৰে। অসমীয়া জাতিৰ আজি আত্মৰক্ষাৰ বাদে আন কোনো কাম নাই”; লগতে আমি এই অভিমত দাঙি ধৰিছিলোঁ যে “সেই সাৱধান বাণী আজিও জৰুৰী”। এই “আত্মৰক্ষা” কথাটো আমি ব্যাপক অৰ্থত ল’ব পাৰোঁ, অৰ্থাৎ আত্মৰক্ষা মানে অকল দৈহিক আত্মৰক্ষাই নহয়, লগতে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক আত্মৰক্ষা, কিয়নো এই সকলোবোৰ দিশতে আমাৰ ওপৰত নিৰৱচ্ছিন্ন আক্ৰমণ চলি আছে। ৰাজনৈতিক আত্মৰক্ষাৰ প্ৰসংগটো আমি ওপৰত আলোচনা কৰিছোঁ, আৰু বাকীবোৰো পৰস্পৰ বিজড়িত। আত্মৰক্ষা কৰিবলৈ সেই প্ৰবৃত্তি লাগিব, বুদ্ধি লাগিব, সাহস লাগিব, শক্তি লাগিব, জোৰ লাগিব। অনশন কৰি (পুৱাই এককোট খাই আহি ৰভা তৰি বহি যোৱাৰ নাম অনশন?) দেহ-মন নিশকতীয়া কৰি বা

৫২ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা