পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অলংঘ্যনীয়ই নহয়, অপৰিহাৰ্যও, যদি আমি মানুহৰ দৰে জীয়াই থাকিব খুজিছোঁ তেন্তে স্বাধীন হোৱাৰ বাহিৰে আমাৰ উপায় নাই, আৰু দেখা যায় যে যদিও প্ৰয়াত জ্ঞাননাথ বৰাই ১৯৩৯ চনতে “অসম দেশ ভাৰতবৰ্ষৰ ভিতৰত থাকিব কিয়” প্ৰবন্ধ লিখিছে, তাৰ প্ৰায় লগে লগেই (১৯৪৬ চনত) গান্ধীয়ে নিজৰ বিবেচনাৰ পৰা অসমৰ স্বাধীনতাৰ কথা কৈছে— আমি সেই কথাত গুৰুত্ব দিয়া নাই, সেই ইংগিত লোৱা নাই, সেইটো আমাৰ দোষ আৰু আমাৰ ভীৰুতা, সেইটো আমাৰ নীচাত্মিকা আৰু আমাৰ আত্মাভিমানৰ অভাৱ, আমাৰ নৈতিক সাহসৰ ব্যৰ্থতা, ‘ভাৰতীয়’ হোৱাৰ এটা অন্ধ লালসা, সেইটো গান্ধীৰ দোষ নহয়, কিয়নো যদিও গান্ধীয়ে কৈ পঠিয়াইছে...”ইত্যাদি।

 ১৯৪৫ চনৰ ২১-২৩ মাৰ্চ তাৰিখে শ্বিলঙৰ খাচী দৰবাৰ হলত নগা, খাচী, আহোম আদি অসমৰ সমূহ খিলঞ্জীয়া অধিবাসীৰ এখন অভিৱৰ্তন বহিছিল, তাত গৃহীত ৪নং প্ৰস্তাৱৰ (ইংৰাজী) পাঠ এই :

  “যিহেতু ঐতিহাসিক তত্ত্বমতে অসমৰ খাচ ভূ-ভাগ আৰু তাৰ পাহাৰসমূহ কেতিয়াও ভাৰতবৰ্ষৰ অংশ বা প্ৰদেশ নাছিল, আৰু যিহেতু ইয়াৰ অধিবাসী, বিশেষকৈ এই অঞ্চলত বসবাস কৰা ফৈদ আৰু জাতিসমূহ গোষ্ঠীগতভাৱে আৰু সাংস্কৃতিকভাৱে ভাৰতবৰ্ষৰ বাকী অংশত বসবাস কৰা জনসাধাৰণতকৈ বেলেগ, সেয়ে এই অভিৱৰ্তনে ভাৰতবৰ্ষৰ প্ৰস্তাৱিত বিভাজনজনিত পাকিস্তান বা হিন্দুস্তান কোনোখণ্ডৰে লগত খাচ অসম ভূ-ভাগ আৰু তাৰ পাহাৰ অঞ্চলৰ অন্তৰ্ভুক্তিৰ দৃঢ়ভাৱে বিৰোধিতা কৰে, আৰু দাবী জনায় যে ইয়াকে (এই অঞ্চলক) এখন স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰৰূপে স্থাপিত কৰা হওক, য’ত অসমৰ সীমান্তৰ পাহাৰী জিলাকেইখন অন্তৰ্ভুক্ত থাকিব।

—প্ৰস্তাৱক : অধ্যাপক পি. গগৈ
সমৰ্থক : এ. এছ. খাংফাই।”

 আমি যদি আজিও মণিৰাম দেৱান আৰু গোমধৰ কোঁৱৰক

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৫১