পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগৰ দৰে স্বাধীন আৰু স্বতন্ত্ৰ হোৱাটোৱেই হয়তো উত্তম। আজি আমি প্ৰকটভাৱে দেখিছো যে সেই আশংকা সম্পূৰ্ণ সঁচা— স্বাধীন ভাৰতত অসমীয়াৰ জীৱন কুকুৰ-মেকুৰীতকৈয়ো অধম, আৰু অসমত কেন্দ্ৰীয় চৰকাৰৰ শাসন মানে নিৰ্ভেজাল গুণ্ডাৰাজ (ইয়াৰ আগৰজন ৰাষ্ট্ৰপতিক সংসদৰ মজিয়াত এম. পি. অধ্যাপক অজিত কুমাৰ শৰ্মাই ‘সাংবিধানিক নৰহন্তা’ আখ্যা দিবলৈ বাধ্য হৈছে)। আৰু দেখা যায় যে যদিও আজিহে আমি বুজিছোঁ যে ‘ইয়াণ্ডাবু চুক্তি’ৰ নামত প্ৰতাৰিত হৈ আমি ইমানদিনে পৰাধীন হৈ আছোঁ, যে মান-ৰজা আৰু ব্ৰিটিছ প্ৰতিনিধিৰ মাজত হোৱা এই চুক্তিৰ জোৰত আমি তৃতীয় পক্ষ অসম ব্ৰিটিছৰ তললৈ যাব নোৱাৰোঁ (চুক্তিৰ পাঠ অনুযায়ীও নোৱাৰোঁ), যে আমি ভাৰতবৰ্ষৰ অংশ হ’ব নোৱাৰোঁ, অসম ভাৰতবৰ্ষৰ অধীনত থকাৰ কোনো যুক্তি নাই (সুৰক্ষাৰ যুক্তিতো নায়েই— অসমক ১৯৪৬ চনত ভাৰতবৰ্ষই পূব পাকিস্তানক এৰি দিবৰ চেষ্টা কৰিছে, ১৯৬২ চনত নেহৰুৱে অসমক চীনৰ হাতত এৰি দি বিদায় দিছে, আজি ভাৰত চৰকাৰে অসমক বাংলাদেশীৰ হাতত সপি দিছে), কাৰণ অসম কোনোদিনে ভাৰতবৰ্ষৰ অংগৰাজ্য নাছিল আৰু এতিয়াও এখন ধৰ্ষিত উপনিৱেশৰ বাহিৰে অইন একো নহয়, ভাৰতীয় সৈন্যবাহিনী আৰু আৰক্ষী-ফৌজ অসমৰ বাবে মাত্ৰ দখলদাৰী বাহিনী, আৰু “ভাৰতীয় নাগৰিক” হোৱাৰ সোৱাদ আমি হাড়ে হাড়ে পাইছোঁ : নিজৰ দেশত অসমীয়া মানুহ বিতাড়িত পশুৰ দৰে পাহাৰে-পথাৰে খালে-বিলে লুকাই-পলাই ফুৰিছে, হিটলাৰৰ আমোলত ইহুদীৰ যেনেকুৱা অৱস্থা, মাথোঁ ‘গেছ চেম্বাৰ’কেইটা অসমীয়াকেইটাৰ বাবে বনাবলৈ বাকী— তাৰ ঘাই কাৰণ, আমি আমাৰ আত্মৰক্ষাৰ মৌলিক অধিকাৰৰ কথা সম্পূৰ্ণ বিস্মৃত হৈছোঁ, যেন আত্মৰক্ষা এটা পাপ, এটা অন্যায়, এটা অহিংসা-বিৰোধী কাম, আমাৰ ন্যূনতম মানৱীয় অধিকাৰ সাব্যক্ত কৰাটো সংকীৰ্ণমনা, দোষণীয় কথা বুলি আমাক ভাৰতীয় শাসকে শিকাই আহিছে আৰু আমি তাকে মানি লৈছোঁ— অৰ্থাৎ অসমৰ স্বাধীনতাৰ দাবী অকল

৫০ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা