পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰ্গন্ধ ঘোলা পানীৰ লগত আমি যেন তাক মিলাই নিদিওঁ।

 যিসকলে এতিয়াও ভাবি আছে যে আমাৰ সমস্যাবোৰৰ সমাধান আহিব ভাৰতীয় সংবিধানৰ তলত আৰু “ভাৰতীয় সংবিধানৰ পবিত্ৰতা” বস্তুটো আমাৰ কাৰণেও পবিত্ৰ কিবা এটা, সেইসকল “গান্ধীবাদী”ৰ বাবে আমি গান্ধীৰেই কথা উদ্ধৃত কৰিব পাৰোঁ আমি কিছুদিন আগেয়ে লিখা নিবন্ধ এটাৰ পৰা :

 ১৯৪৬ চনত যেতিয়া ব্ৰিটিছে ‘গ্ৰুপিং’ ব্যৱস্থাৰে অসমক বংগদেশৰ বাগিত চামিল কৰি পূব-পাকিস্তানত ভৰাই দিবলৈ চেষ্টা কৰিছিল, তেতিয়া গান্ধীয়ে অসম কংগ্ৰেছৰ প্ৰতিনিধিক কৈছিল ( ডঃ হেৰম্ব বৰপূজাৰীৰ “এ পলিটিকেল হিষ্টৰী অফ এচাম” ) : অসমে নিজৰ আত্মা ( আত্মচেতনা ) প্ৰতিষ্ঠিত কৰিব লাগিব। অন্যথা মই ক'ম যে অসমত মানুহ নাই, আছে মাথোঁ বাওনা। আজি এনেকি এতিয়াও অসম বহুলাংশে সাৰ্বভৌম.... যদি অসমে নিজৰ ব্যৱস্থা নিজে লয়, ভাৰতবৰ্ষৰ বাকী অংশয়ো নিজৰ ব্যৱস্থা নিজে ল’ব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ সংবিধানৰ লগত আপোনালোকৰ কি দায় ( লেঠা ) আছে? আপোনালোকে নিজে নিজৰ সংবিধান ৰচনা কৰক, সেয়ে যথেষ্ট ( হ’ব )। আপোনালোকৰ এখন নিজস্ব সংবিধানৰ ভিত্তিতো এতিয়াই আছে…... ৰাইজক কওক যে যদি এনেকি গান্ধীয়েও আমাক নিৰস্ত কৰিব খোজে, আমি তেওঁৰ কথা নুশুনো”.....

 “দেখা যায় অসম যে স্বাধীন হোৱা দৰ্কাৰ সেই কথা গান্ধীয়ে ১৯৪৬ চনতেই আমাক কৈ গৈছে ৷ কাৰণ ‘সৰ্বভাৰতীয়’ নেতাৰ মনোবৃত্তি আৰু গ্ৰুপিং-চক্ৰান্ত আদি দেখি হয়তো গান্ধীয়ে তেতিয়াই বুজি পাইছিল যে অসমক স্বাধীন ভাৰতৰ অংগ হিচাপে গণ্য কৰা নহয়, কিয়নো ভাৰতবৰ্ষৰ অন্যান্য অংশৰ লগত অসমৰ (আৰু উত্তৰ-পূব অঞ্চলৰ কোনো মিল নাই, অসমীয়া এটা স্বতন্ত্ৰ, অ-ভাৰতীয় জাতি, গতিকে অসমে ভাৰতৰ পৰা ন্যায়-আচৰণ আৰু সুবিচাৰ পাব নোৱাৰে— সেয়ে অসম

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৪৯