পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকে অনা-অসমীয়া কাগজ-পত্ৰ আৰু তথাকথিত ‘সৰ্বভাৰতীয়’ কাকত-আলোচনী প্ৰায় সমস্তই কিবা কাৰণত অসমীয়াবিদ্বেষী— যি পঢ়ো, তাকেই সঁচা বুলি মানি লয়। বড়োসকলৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মানুহ (আমি নিজে অৱশ্যে ‘অসমীয়া’ আৰু ‘বড়ো’ৰ কোনো তফাৎ নকৰোঁ, যেনেকৈ ইংলিশ, আইৰিশ, গ্যেলিক/স্কটিশ বা ৱে’লশ্ ভাষী সকলোৱেই ব্ৰিটিছ) কিদৰে দায়ী? (আৰু অসমীয়া মানুহৰ নিজৰ অৱস্থা খুব কিবা ‘উন্নত’ নেকি?) কলিকতা-দিল্লীৰ কাগজে কৈছে বুলিয়েই সেইবোৰ কথা আমি নিৰ্বোধ অসমীয়াবোৰে হজম কৰি যাব লাগে নেকি? কোনো অসমীয়া বিষয়াই যদি চাকৰি বা ঠিকা আদিৰ ক্ষেত্ৰত কোনো বড়ো বা কাৰ্বিৰ কিবা অন্যায় কৰিছে, সেইটো নিজৰ স্বাৰ্থতে কৰিছে, টকা-পইচা খাবৰ কাৰণে কৰিছে, যোগ্য অসমীয়াকো বঞ্চিত কৰিছে, কোনো বড়োবিদ্বেষী মনোবৃত্তিৰে বা ‘অসমীয়া’ ভাবেৰে কৰা নাই— জাতীয় চৰিত্ৰহীন অসমীয়া মানুহে যদি ‘অসমীয়া’ ভাবেৰে আৰু অসমীয়াৰ স্বাৰ্থতেই কামবোৰ কৰিলেহেঁতেন (ব্ৰিটিছে বা বঙালীয়ে যিদৰে কৰে), অসমৰ আজি এইটো অৱস্থা নহয়েই— অসমীয়া মানুহে অসমীয়া মানুহৰ অনিষ্ট কৰাতেই ইমান ব্যস্ত যে আন গোষ্ঠীসমূহৰ অন্যায় কৰিবলৈ যাবলৈ তেওঁলোকৰ অৱকাশেই নাই, সাধ্যতো নায়েই। আৰু এটা কথা লক্ষ্যণীয় নহয় নে যে ইংৰাজ থকালৈকে এইবোৰ “অসমীয়া বিভীষিকা” দেখা যোৱা নাছিল, ইংৰাজ যোৱাৰ পাছত অসমবিদ্বেষী ‘ভাৰতীয়’ৰ কৰ্তৃত্ব অহাৰ পাছতহে এইবোৰ প্ৰকৃতি উক্ দি উঠিছে। তাৰ কাৰণ বাৰু কি? কথাই-অকথাই যে অসমখন ফালি ফালি বেলেগ বেলেগ ৰাজ্য বিচাৰিব লগা হয়, অসমীয়া মানুহৰ কি দুৰ্ঘোৰ অপৰাধত? যেনে, কাৰ্বিসকলৰ কি অক্ষমনীয় অন্যায় অসমীয়া মানুহে কৰিছে, ভিতৰুৱা গাঁৱৰ কাৰ্বিৰ অৱস্থাৰ তুলনাত আমাৰ জকাইচুকবোৰৰ অসমীয়া মানুহৰ অৱস্থা কোন বিচাৰৰ পৰা শোষণ-প্ৰবঞ্চনাৰ পৰিচায়ক? উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিত ঠাকুৰ-যাদৱ-হৰিজন-চামাৰ আদিৰ যি নিত্য-নৈমিত্তিক মানুহ জ্বলোৱা

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ১৯