পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৃথা— ‘স্বাধীন’ শব্দটো মুখত অনাটোৱেই আছিল যেন মহাপাপ, ‘বিচ্ছিন্নতাবাদ’ৰ আলোচনাত উদ্যত হোৱাটোও আছিল ‘ৰাজদ্ৰোহ’! স্বস্তিৰ কথা, সেই শ্বাসৰুদ্ধকাৰী পৰিৱেশ আজি পৰিৱৰ্তিত, আলোচনা-বিলোচনা সম্ভৱ হৈছে।”

 কিন্তু সঁচাকৈয়ে সম্ভৱ হৈছে নে? নাই, কাৰ্যক্ষেত্ৰত দেখা গ'ল যে একেবাৰেই সম্ভৱ হোৱা নাই, কিয়নো আমাৰ চিঠি প্ৰকাশ কৰিবলৈ সম্পাদক মহোদয় অমান্তি হ’ল, যদিও তেখেতে ক’লে যে কথাখিনিত আইন-বিৰুদ্ধ একো নাই আৰু কথাখিনি মোটামুটি তেওঁও নুই নকৰে, কিন্তু এই মুহূৰ্তত আৰু এটা বাক্-বিতণ্ডা সৃষ্টি কৰি দিয়াটো তেওঁলোকে নিবিচাৰে! যিহওক, এই সন্দৰ্ভত আমি সংক্ষেপে ওপৰত উল্লিখিত লেখাবোৰৰ মাথোঁ দুই-এটাৰ কেতবোৰ উক্তিৰ উত্তৰত আমাৰ দৃষ্টিভংগ কি ক’বৰ চেষ্টা কৰিম :

 যোৱা ৩০ জুলাই (১৯৯১) তাৰিখে শ্ৰীসমীৰণ বৰুৱাই “স্বাধীন অসমৰ চিন্তা বাস্তৱসন্মত হৈছে নে?” শীৰ্ষক এটা প্ৰবন্ধ লিখিছে। শিতানৰ প্ৰশ্নটোৰ উত্তৰত আমি ক’ব লাগিব যে নাই, স্বাধীন অসমৰ চিন্তা এতিয়াই বাস্তৱসন্মত হোৱা নাই, কিয়নো শ্ৰীবৰুৱাৰ দৰে পঢ়া-শুনা কৰা মানুহেই যদি কয় (উক্ত প্ৰবন্ধ) যে “নিৰাপত্তাক নিশ্চিত কৰিবৰ বাবে অসমে চুবুৰীয়া কোনোবা এখন শক্তিশালী দেশৰ ছত্ৰছায়াত আশ্ৰয় ল’ব লাগিবই”, তেন্তে বুজিব লাগিব যে স্বাধীনচিতীয়া মনোবৃত্তি আমাৰ এতিয়াও অহা নাই, তালৈ দেৰি আছে (নেপাল কাৰ ছত্ৰছায়াত আছে? পৃথিৱীৰ আৰু বহুতো অসমতকৈয়ো সৰু স্বাধীন দেশ?)। কাৰোবাৰ ছত্ৰছায়াত থাকিলেহে বৰ্তি থাকিব পাৰি এই ধাৰণা বহুদিন ধৰি ভাৰতীয় শাসক তথা শোষক শ্ৰেণীয়ে আমাৰ মূৰত সুমুৱাই দি আছে, আমিও তাতেই ভোল গৈ আছোঁ ;তেনেকুৱাবোৰ ধাৰণা মনৰ পৰা গুচাব নোৱাৰিলে স্বাধীন অসমৰ কথা কোৱাটো সঁচাকৈয়ে অবাস্তৱ। কিন্তু ‘লাহে লাহে’ৰ দেশতো আমাৰ হেৰাই যোৱা ‘স্বাধীন’ মনোবৃত্তি উভতি আহিব, তাৰ লক্ষণ এই আলোচনাবোৰ।

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ১৭