পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৪. পেট্ৰ'ল আৰু ডিজেলৰ ৰেশ্যনিং হওক।

 ৫. পথচাৰী, গাড়ী-মালিক, বিশেষজ্ঞ, জনসাধাৰণৰ পৰামৰ্শ আহ্বান কৰা হওক।

*   *   *   *

 এই দীঘলীয়া আলোচনাখিনিৰ কিবা ‘নীতিকথা’ আছে নেকি? যদি আছে, তেনেহ'লে হয়তো এনেকুৱা :

 ‘আকাশী গংগা বিচৰা নাই’, বিচাৰিছোঁ মাথোঁ সামান্য এইখিনি : যাব খোজা ঠাইলৈ যেন যাব পাৰোঁ, ৰ'ব খোজা ঠাইত যেন ৰ’ব পাৰোঁ; মাজে-সময়ে বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক যেন লগ পাব পাৰোঁ; জৰুৰী কামত (যেনে পৰীক্ষা বা হাস্পতাললৈ) অহা-যোৱা কৰিব লাগিলে যেন আহুকাল নাপাওঁ; মন গ'লে ভাল চিনেমা এখন যেন চাব পাৰোঁ....

‘অন্বেষা’ৰ ষষ্ঠ শিশু আৰু গ্ৰন্থৰ বসন্ত উৎসৱ (২০০৮)ৰ স্মৰণিকাত প্ৰকাশিত মূল
ইংৰাজী নিবন্ধ ‘Halt'-ৰ লেখককৃত অনুবাদ।

৭২ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা