পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ’ল এই যে তেওঁলোকৰ আৱৰ্জনাবোৰ অসমত জাপি দিব লাগে, আমাৰ চহৰবোৰে যে এই বোজা আৰু ব'ব নোৱাৰে সেই কথাত কাৰ মাথাব্যথা। মটৰ গাড়ীৰ নিগমবোৰে কুমলীয়া মনৰ প্ৰভাৱপ্ৰবণ ডেকা ল'ৰাহঁতক আৰু ‘নতুন ধনী 'সকলক (যিসকলে টকা উপাৰ্জন কৰা নাই কিন্তু টকা কৰিছে) বুৰাই দিছে পৃষ্ঠাজোৰা বহুৰঙী আগ্ৰাসী বিজ্ঞাপনেৰে আৰু টিভি প্ৰচাৰেৰে নিজৰ ঢোল কোবাই, যে তেওঁলোকৰ গাড়ীবোৰ হ’ল ‘সম্ভ্ৰান্ত কুল’ৰ আৰু আধুনিকতাৰ ধাৰাদৰ্শী, এইবোৰে আৰোহীক দিয়ে মহানায়ক-সুলভ ‘পৌৰুষতা’ আৰু ‘শক্তিসবল মুষ্ট্যাঘাত (power punch)’, এনেবোৰ অগৰং বগৰং মাথা মুণ্ড, লগতে বিভিন্ন লোভনীয় আকৰ্ষণ : ৰেহাই, উপহাৰ, প্ৰলোভন আৰু কত কি (যদিও সেইবোৰত প্ৰচ্ছন্ন থাকে স্বল্পবিবৃত চৰ্ত), আৰু অৱশ্যেই, তেওঁলোকৰ অভিপ্ৰেত ‘চিকাৰ'সকলে এইবোৰ গিলি খায় গোটে গোটে। প্ৰায়ে কাগজত ছবি দেখা যায়, মটৰ গাড়ী উদ্যোগৰ কোনো মুখ্য কাৰ্যবাহী বিষয়াই তেওঁলোকৰ কিবা নতুন জক্‌মকীয়া গাড়ী উদ্বোধন কৰিছে, কাষতে গাড়ীৰ দুৱাৰত হাত দি থিয় হৈ আছে এজনী স্বল্পবসনা ছোৱালী, মুখ্য বিষয়াজনৰ লোলুপ মুখখনৰ পৰা যেন লেলাৱতি নিগৰি পৰিছে, ধাৰণা হয় যেন চুই চালে দেখিম ফটোখন তিতি গৈছে।

*   *   *   *

 কিন্তু অকল অভিযোগ আৰু সমালোচনা কৰি থাকিলেইতো নহ'ব। এতিয়া যিবোৰ ব্যৱস্থা লোৱা হৈছে সেইবোৰ হ’ল জোৰা-টাপলি মাৰি কোনোমতে চলাই দিয়াৰ চেষ্টা— যেনে, য’তে-ত’তে ‘ন’ এন্ট্ৰি’ বা ‘ন’ পাৰ্কিং’ ফলক লগাই দিয়া হৈছে, যাৰ ফলত একো সকাহ পোৱা যোৱা নাই। ফ্লাইঅ'ভাৰবোৰৰ পৰাও যান-বাহনৰ সংখ্যা লাঘৱ হোৱা নাই; ইন্ধনৰ দাম বঢ়াই দিলেও ৰাস্তাত গাড়ীৰ সংখ্যা নকমে, লিটাৰত এশ টকা হ'লেও মানুহে পেট্ৰ'ল কিনিবই।

 আমাৰ পৰামৰ্শ এইঃ

 ১. ঘৰে ঘৰে দুচকীয়া আৰু মটৰ গাড়ীৰ সংখ্যাৰ এটা সমীক্ষা

৭০ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা