পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেহতীয়া ৰেকৰ্ডখন চলাই দিলোঁ….…...….মসৃণ। প্ৰীতিদায়ক ঘৰযাত্ৰা.…..আঃ, সঁচাই, আমি বাস কৰিছোঁ মনোজ্ঞ সময়ত, এখন সুসভ্য সমাজত...

*   *   *   *

 অৱশ্যেই, এই সকলোবোৰ হ’ল গল্প, মনেসজা কাহিনী। কল্পনা-বিলাস। আচল ছবিখন এনেকুৱা :

 গাড়ী উলিয়াই আনি ঘাই ৰাস্তা পালোঁ, দিনটোৰ প্ৰথম বিপৰ্যস্ত ভাবৰ অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ— গাড়ী, বাইক, চাইকেল, বাছ, ট্ৰাক, ঠেলা, অটোৰ অন্তহীন সোঁতে বন্ধ কৰি পেলাইছে ৰাস্তা— মই ছট্‌ফট্‌ কৰোঁ, শাওপাত দিওঁ, গালাগালি দিওঁ — পিছপিনৰ ছীটত ল'ৰা-ছোৱালীহাল ভয়তে পেপুৱা লাগে, সিহঁতৰ স্কুল বেগ খামুচি ধৰে—অপেক্ষা, অপেক্ষা, অপেক্ষা— ক্ৰমান্বয়ে অধৈৰ্যৰ পৰা অধৈৰ্যত—অৱশেষত ক’ৰবাৰ পৰা এখন প্ৰকাণ্ড ‘ৰিকভাৰী ভেন’ নে কিবা মন্থৰ জোঁকাৰণি মাৰি মাৰি আহি ওলায়, ফলত তাৰ পিছপিনৰ যান-বাহনবোৰে বাধ্য হৈ তাৰ পৰা এটা নিৰাপদ দূৰত্ব বজাই ৰাখি বেগ কমাই দিয়ে, তেনেকৈ সৃষ্টি হোৱা ফাঁকখিনিৰ মাজলৈ মই মৰীয়া হৈ মোৰ গাড়ী চুটাই দিওঁ, বিশাল যন্ত্ৰদানৱটোৰ পিছে পিছে গৈ থাকো— অৱশেষত স্কুল-বাছৰ ষ্টপ্, কিন্তু তাত ৰ’বলৈ নাই কোনো ঠাই, ষ্টপ্‌টোৰ দুয়োপিনে গাড়ী আৰু বাইকৰ ছিদ্ৰহীন ঘন শাৰী, গতিকে কেইবাটাও বিল্ডিং পাৰ হৈ বেছ কিছুদূৰলৈ আগুৱাই যাওঁ, কোনোমতে বিশৃংখল ঠেলাকেইখনমানৰ মাজত গাড়ী ৰাখিবলৈ জাগা অলপ পাওঁ, গাড়ীৰ পৰা নামি বাছলৈ ওভতোঁ, ল’ৰা-ছোৱালীহালে ফোঁপাইছে, ভয় খাইছে যে বাছখন নাপাব (‘মিছ’ কৰিব)— কিন্তু নাই, বাছখন আহি পোৱা নাই (‘লেইট’ আছে)। যিটো প্ৰায়ে ঘটে, সৰ্বক্ষণ যিহে যান-জঁট, তেনে নঘটিবই বা কিয়— গতিকে আমি বাছলৈ বুলি ৰওঁ, লানি নিছিগা যানপ্ৰবাহৰ হৰ্ণৰ সজোৰ ভেপু আৰু ‘খ্ৰীইছ্‌ছ’ কৈ মৰা কৰ্কশ ব্ৰেকে আমাৰ কাণ কলা কৰি দিয়ে, গাড়ী আৰু দুচকীয়াৰ ‘এক্সহষ্ট’বোৰৰ বিষাক্ত ধোঁৱাই আমাৰ নাক আৰু হাওঁফাওঁ

৬৬ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা