পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰ উত্তৰো কম-বেছি পৰিমাণে সকলোৰে জ্ঞাত, সেইবোৰ বাদ-বিসম্বাদৰ মাজলৈ আমি এতিয়া যাব খোজা নাই— কিন্তু এইটো এতিয়াও সত্য যে আমি “স্বাৱলম্বী” হ’ব নোৱাৰিলে অকল শ্ল'গান দি কোনো লাভ নাই। আৰু ইয়াত আমি “স্বাৱলম্বী” মানে অকল এইটোকে বুজা নাই যে ব্যৱসায়, খেতি আৰু চাকৰিৰ ক্ষেত্ৰত শূন্যস্থান পূৰাবলৈ বিদেশী আহিব নালাগিব, আমাৰ বুদ্ধি-বিবেচনা আৰু দিহা-পৰামৰ্শৰ ক্ষেত্ৰতো বিদেশীৰ প্ৰয়োজন বা এক্তিয়াৰ নাথাকিব, অৰ্থাৎ আমি সামাজিক/ৰাজনৈতিকভাৱেও স্বাৱলম্বী হ’ম।

 অকল ব্যৱসায়-বাণিজ্যৰ কথাকেই যদি ধৰোঁ, বন্ধ আৰু সত্যাগ্ৰহ, বিক্ষোভ, ১৪৪ ধাৰা, কাৰ্ফিউ, ধৰ-পাকড় আদিৰ ফলত কিমান খিলঞ্জীয়া ক্ষুদ্ৰায়তন উদ্যোগ আৰু বেপাৰী যে ক্ষতিগ্ৰস্ত বা একেবাৰে ধ্বংস হৈ গৈছে, তাৰ হিচাব কৰা টান। গুৱাহাটীৰ কিছুমান ৰাস্তাত কেইবাখনো সৰু সৰু স্থানীয় মানুহৰ দোকান লোকচান ভৰি ভৰি উঠি যোৱা আমি নিজে দেখিছোঁ। আৰু সেইবোৰৰ ঠাইত বাংলাদেশী বেপাৰী ভৰি পৰিছে। অৰ্থাৎ, অন্তহীন আৰু উদ্দেশ্যহীন বন্ধৰ ফলত খিলঞ্জীয়া উদ্যোগৰ ক্ষতিতো হৈছেই, ওলোটাই বিদেশীৰ প্ৰাধান্য বাঢ়ি গৈছে, বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে (আৰু বাঢ়ি গৈ আছে)। “বন্ধ” মানে হ’ল স্থানীয় উদ্যোগৰ মৃত্যু আৰু গাঁৱে-ভূঞে অত্যাচাৰ, ধৰপাকড়, ধৰ্ষণ, গুণী, কুমলীয়া ল’ৰা হত্যা। অন্তত অকল স্থানীয় উদ্যোগৰ খাতিৰতেই— অন্যবোৰ কথা, যেনে— ল’ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষতি আদি গুৰুত্বপূৰ্ণ কথা আমি ইয়াত বাদেই দিছোঁ— আমি “বন্ধ”ৰ বিৰোধিতা কৰোঁ, “বাণিজ্যে বসতি লক্ষ্মী’য়েই অকল নহয়, আমাৰ বোধেৰে “বাণিজ্যে বসতি শক্তিঃ”ও। বিক্ষোভ, নিস্ফল সত্যাগ্ৰহ, দেহ-মন নিশকতীয়া কৰা অনশন আদিৰ ফলত ইমানদিন যি ঘটিছে সেয়া আন্দোলনৰ লক্ষ্যৰ ঠিক বিপৰীত— বাংলাদেশী এটাও কমা নাই, বাঢ়ি গৈছে।

 সেয়ে ‘আছু’ আৰু গ.স.প.লৈ আমাৰ অনুৰোধ, তেওঁলোকে

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৫৯