পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ল'গানেৰে বিদেশী বহিষ্কৃত নহয়

 ‘অসম বাণী’ৰ সম্পাদক মহোদয়ে যিকেইটা প্ৰশ্ন সুধিছে, তাৰ উত্তৰৰ বাবে আমালৈ ঠাই হ’ব নে নহয় নাজানোঁ, দুটা কাৰণত। প্ৰথমটো এয়ে যে তেখেতে উত্তৰবোৰ চুটি কৰিবলৈ কৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ বাক্‌স্বল্পতাৰ গুণখিনি আমাৰ নাই, আমি বিস্তৰ বকলা মেলিহে কথা এটাৰ উত্তৰ দিব পাৰোঁ। দ্বিতীয় কাৰণটো তাতোকৈ গুৰু, কিয়নো বৰ্তমানৰ আন্দোলন আৰু সমস্যা-অৱলোকন চলি আছে তথাকথিত ‘গান্ধীবাদী’ দৃষ্টিভংগীৰ পৰা, আৰু আমি হ’লো গান্ধী-বিৰোধী আৰু গান্ধীবাদ-বিৰোধী ( গতিকে কোনো সংলাপ সম্ভৱ হয় নে নহয় ক’ব নোৱাৰোঁ )। আমি গান্ধীবাদৰ আজিৰ দিনত কিবা প্ৰাসংগিকতা আছে বুলি নাভাবোঁ আৰু আমি গান্ধী এজন ‘মহাত্মা’ বুলি বিশ্বাস নকৰোঁ। এইবোৰ কথা আমি য’তে স্থান পাইছোঁ প্ৰবন্ধ-পাতিত ব্যক্ত কৰিছোঁ ( বিশেষকৈ বিদেশী বহিষ্কাৰ আন্দোলনৰ মাজত ‘মহাবাহু’ আলোচনীত প্ৰকাশিত আমাৰ ‘সত্যাগ্ৰহ এপাত অস্ত্ৰ নহয়’ আৰু শ্ৰীঅঞ্জন শৰ্মাই লিখা ‘হিংসা নে অহিংসা’ কিতাপৰ পাতনি দ্ৰষ্টব্য ), সেয়ে সেই বিষয়ে ইয়াত অধিকতৰ আলোচনা নকৰোঁ, মাথোঁ ইয়াকেই ক’ব খোজোঁ যে অকৰা, অলস অসমীয়াকেইজনৰ বাহিৰে ভাৰতবৰ্ষত তথা পৃথিৱীৰ আন কোনো জাতিয়ে গান্ধীবাদক এটা কাৰ্যকৰী পন্থা হিচাপে নলয়, আৰু অলপ চিন্তা কৰি চালেই যিকোনো ব্যক্তিয়েই

৪৪ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা