পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্ত্ৰাসবাদী জোৰ-জুলুমত ( ‘বিপ্লৱী’ আৰু ৰাষ্ট্ৰীয়, দুয়োবিধ ) জুৰুলা হৈ পেঁপুৱা লাগি থাকে। আমাৰ বোধেৰে আছু, অগপ, আলফা আদিৰ সঁচ অসমৰ পৰা নিশ্চিহ্ন কৰি দিয়া উচিত। যোৱাবাৰ উদ্ভণ্ডালি আৰু দুৰ্নীতিৰ চৰম শিখৰত উঠা অগপ চৰকাৰক কেন্দ্ৰই বৰ্খাস্ত কৰি দিওঁতে ৰাইজে কিযে স্বস্তিৰ নিশ্বাস পেলাইছিল— সামৰিক আতিশয্যৰ শংকা থকা সত্ত্বেও সেই কথা নিশ্চয় ৰাইজৰ মনত আছে )। এইটো অনুষ্ঠান যিমানদিন থাকিব তিমানদিন আমাৰ ল'ৰা-ছোৱালী অশিক্ষিত আৰু মূৰ্খ হৈ থাকিব, ল'ৰাবোৰ সম্পূৰ্ণ স্বাৰ্থপৰ আৰু কাপুৰুষ হৈ থাকিব, জনসাধাৰণ পদে পদে প্ৰবঞ্চিত আৰু নিপীড়িত হৈ থাকিব। কাৰণ, ল'ৰা-ছোৱালীয়ে অনুকৰণ কৰিবলৈ কোনো সততা বা আদৰ্শ নেদেখিব ( আজি আছুৰ ল'ৰাবোৰে চুৰি-ডকাইতি, বলপূৰ্বক ধন আদায় আৰু মাকৰ বয়সীয়া তিৰোতা ধৰ্ষণ কৰি ফুৰিছে, নেতৃত্ব কিন্তু চুপ )— এইবোৰ অনুষ্ঠান নিশ্চিহ্ন হ'লেহে সমস্ত ছানি ধৰা বিকৃত ( ‘দুই নম্বৰী’ ) মূল্যবোধবোৰ লাহে লাহে অদৃশ্য হ'লেহে ছাত্ৰ- ছাত্ৰীয়ে গম পাব যে ভণ্ডামি আৰু বিনা পৰিশ্ৰমে টকা লুটি ফুৰাৰ বাহিৰেও পৃথিৱীত আন ধৰণে চলিব পাৰি, যে নিজৰ চেষ্টাৰেই শৈক্ষিক আৰু বৃত্তিগত অৰ্হতা অৰ্জন কৰিব পাৰি, যে ডকাইতি কৰি চলোৱা মাৰুতিখনতকৈ নিজ পৰিশ্ৰমৰ ধনেৰে কিনা চাইকেলখনত উঠি তৃপ্তি বেছি, যে নাৰী ধৰ্ষণতকৈ নাৰীৰ সহায়ক আৰু প্ৰীতিভাজন হ’ব পৰাটোৱে প্ৰকৃত পুৰুষত্ব। এইবোৰ বিবৃতি আদি আমি তাচ্ছিল্য সহকাৰে উপেক্ষা কৰাই উচিত পন্থা হ'ব।

 আলফাৰ দৰে আমিও অসম স্বাধীন হোৱাটো বিচাৰো, কিন্তু আমি বাৰে বাৰে কৈ আহিছে, যে তাৰ বাবে মানুহ মাৰি ফুৰিব নালাগে, আমাৰ মানুহৰ মাজত স্বাধীনতাকাংখ্যাৰ বীজ ৰোপণ কৰি দিব পাৰিলে আৰু আমাৰ অৰ্থনীতি আমাৰ নিজৰ হাতত ৰাখিব পাৰিলেই আমি স্বাধীন হ’ব পাৰিম— সশস্ত্ৰ বিপ্লৱৰ দিন উঠি গৈছে, আৰু চাহ বাগানৰ বিষয়াক গুলী কৰাতকৈ চাহ বাগানৰ মালিক হোৱাৰ অৰ্হতা আয়ত্ব কৰাটোৱেহে

৪২ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা