পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছে, কেতিয়া কি কল্যাণ কৰিছে? বৰং, আছুৰ হঠকাৰীতাৰ ফলত আজি বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী অসমৰ ঘোৰ বিৰোধী হৈ উঠিছে। শৈক্ষিক আৰু সামাজিক জীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ গৈছে।

 তিনিচুকীয়া জিলাৰ ল’ৰা ৫ জনক কেতিয়া কি সেনাবাহিনীয়ে ধৰি লৈ গৈছিল আমি নাজানোঁ। এইবোৰ ঘটনা আজিকালি দৈনন্দিন আৰু বিভ্ৰান্তিকৰ, প্ৰত্যেকটোৰ খুঁটি-নাটি ৰখা নাযায় — কিন্তু ‘আছু’ বুলি বা ‘আলফা’ বুলি যদি দুটা একেবাৰে অদৰকাৰী বস্তু নাথাকিলহেঁতেন, তেন্তে এই ৫টি তৰুণ জীৱনৰ এনেকুৱা শোকাৱহ সমাপ্তি নঘটিলহেঁতেন ( কাৰণ অসমৰ অশান্তিৰ পশ্চাদভূমি হ’ল আছু আৰু আলফাৰ সৃষ্টি ) তেনেদৰে আৰু শ শ উদীয়মান যুৱক-যুৱতীৰো জীৱন বা মৰ্যাদা নষ্ট হৈ নগ'লহেঁতেন, যিসকলৰ শিক্ষা-দীক্ষা, কৰ্মকুশলতা হ'লহেঁতেন স্বাধীন অসমৰ সম্পদ।এইবোৰ দৈনন্দিন হানিৰ বাবে আছু দায়ী, আলফা দায়ী ( চৰকাৰী সন্ত্ৰাসৰ কথাটো লগতে জড়িত, প্ৰতিক্ৰিয়াৰূপে )। অসমীয়া মানুহক অনৰ্গল ধাপ্পা দি এনেকুৱা অসহনীয় আৰু ধংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা বাবে এইসকলক অসমে কোনোদিনে ক্ষমা নকৰে।

 বহুতে হয়তো ক’ব, আমাৰ ডেকা ল’ৰা মাৰি-ধৰি শেষ কৰিব ধৰিছে, এওঁৰ এটা বন্ধতেই গা ঘূৰিছে। এইক্ষেত্ৰত হয়তো এটা ‘বন্ধ’ত বহুতে সহাঁৰিয়েই দিব, শোকত, ক্ষোভত শক্তিহীন লোকৰ আলৈ আথনি। বিকল্প বিচাৰি নাপায়। কিন্তু আমাৰ আপত্তিটো এয়ে যে যিটো ঔষধ নিষ্ফল ( এনেকি হানিকৰ ) বুলিও জানো সেইটো আমি বাৰে বাৰে খাব লাগিব কিয়? মানিলোহেঁতেন, যদি বন্ধৰ ফলত চৰকাৰৰ পুলিচ-মিলিটাৰীৰো চলন-ফুৰণ আৰু কাৰ্যকলাপ বন্ধ হৈ গ'লহেঁতেন, কিন্তু নিজে নিজক বন্ধ কৰি সেইবোৰক অবাধে চলি থাকিবলৈ দিয়াটো মূৰ্খামি নহয়নে? আছু, অগপ আদি হ’ল আমাৰ বাটৰ কাঁইট, এইবোৰ চলে মিছা কথা আৰু ভুৱাৰ ওপৰত, তাৰ নেতাসকলে নিজৰ নিজৰ সকলো সা- সুবিধা হাচিল কৰি লয়, সাধাৰণ মানুহ অৰ্থনৈতিক, ৰাজনৈতিক আৰু

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ৪১