পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্ম হোৱা অগপও একেই অসৎ আৰু সুবিধাবাদী অনুষ্ঠান ( আজি অগপৰ বিবৃতি আৰু ধৰ্ণা আদিৰছবি দেখিলে মানুহে কয় “বহুদিন মন্ত্ৰী-এম এল এ” হৈ টকা-পইচা খাব পোৱা নাইতো, সেই কাৰণে কুচকাৱাজ কৰি দেখুৱাব ধৰিছে” )— মই নিজে বহুদিন হ’ল আছু বা অগপৰ কোনো বিবৃতি পঢ়ি সময় নষ্ট নকৰো— যিবোৰ ল’ৰাই এশাৰী শুদ্ধ ইংৰাজী ( এনেকি শুদ্ধ অসমীয়াও ) ক’ব বা লিখিব নোৱাৰে, সেইবোৰেই মহাবিজ্ঞৰ দৰে মুখ কৰি কিবা ‘ফেডাৰেল গাঁথনি’ আদি ডাঙৰ ডাঙৰ কথা কৈ সুদূৰ দিল্লীত ছেমিনাৰ পাতে (টকা ক’ৰ পৰা আহে?) গেছ-ক্ৰেকাৰ আৰু ৰিফাইনাৰী আদিৰ বিষয়ে বক্তৃতা দিয়ে, মূল্যবৃদ্ধি ৰোধৰ বিষয়ে আস্ফালন কৰে ( যিটো আছু নেতাই ভালদৰেই জানে ) যে আছুৰ ল’ৰাই ব্যৱসায়ীৰ পৰা বলপূৰ্বক অনা টকাৰ ক্ষতি পূৰণ হিচাপে ব্যৱসায়ীয়ে দাম বঢ়াই দিয়ে। কিন্তু তেনেবোৰ কাম বন্ধ হ’বলৈ নিদিয়ে, দেশৰ সকলো সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থা তেওঁলোকেই যেন একচেতীয়াভাৱে লৈছে, সমাধানৰ উপায় হ’ল বিবৃতি, শ্ল’গান, বন্ধ, নিষ্প্ৰদীপ। অৱশ্যে সকলো ক্ষেত্ৰতে দেখা যায় যে এইবোৰৰ পিছপিনে আছে ‘নেতা’ হোৱাৰ সুবিধা। ‘নেতা’ হৈ ভোগ-বিলাস, দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতা, আৰু আছু তথা অগপ আদিত কৰা আমাৰ সৰল বিশ্বাসৰ ফল আজি আমি দেখিছো যে ভেটি অবিহনে এখোজ লৰাৰ উপায় নাই আৰু অসম বুলি এখন ঠাই বৰ্তি থকাৰ সম্ভাৱনাই আৰু নোহোৱা হৈ আহিছে। এইবোৰ হ’ল কাপুৰুষৰ অনুষ্ঠান— নিজে চহৰত সুৰক্ষিত থাকি, পঞ্চতাৰকা হোটেলত সময় কটাই গাঁও-ভূঁইৰ দুখীয়া-নিচলা ৰাইজক পুলিচ- মিলিটাৰীৰ অত্যাচাৰৰ বলি হ’বলৈ ঠেলি দিয়ে, নিজৰ দেহৰ আৰু গাদীৰ ৰক্ষণাবেক্ষণৰ বাবে সৃষ্টি কৰে তথাকথিত ‘বিপ্লৱী’ অনুষ্ঠান, যেনে— ‘আলফা’, যাৰ নেতাবোৰ গৈ বাংলাদেশত সোমাই থাকে, পাকিস্তানৰ চোৰাংচোৱা সন্থাৰ আঙুলিৰ জোকাৰত উঠা-বহা কৰে, আৰু অসমৰ গাঁও-ভূঁইৰ আবাল-বৃদ্ধ-বনিতাক অত্যাচাৰ আৰু ধৰ্ষণৰ লক্ষ্য হ’বলৈ এৰি

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৩৯