পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু অতি গুৰুত্বপূৰ্ণ কথা (কিন্তু এইটো তথাকথিত ‘ছাত্ৰ’ সন্থাই বোধহয় অবান্তৰ বুলি ভাবে) ছাত্ৰ-ছাত্ৰীৰ দুটা শৈক্ষিক দিন নষ্ট হৈ গ'ল। যুৱক ৫ জনৰ ওপৰত হোৱা অত্যাচাৰ আৰু তেওঁলোকক গুলীয়াই হত্যা কৰি, অতি মৰ্মান্তিক ঘটনা, তাত শোকাভিভূত হৈ নপৰা বা খঙত জ্বলি নুঠা মানুহ নোলাব। কিন্তু তাৰ প্ৰতিবাদত বন্ধ কৰি ঘৰত সোমাই থাকিলে ভাৰতীয় সৈন্যবাহিনীৰ কি গাৰ নোম লৰিব? নে লাজে-দুখে ভাৰতীয় সৈন্যবাহিনীয়ে ভৱিষ্যতে আৰু কোনো অতিচাৰ নকৰিব? মৃতকসকলৰ আত্মীয়-স্বজনৰ কি মানসিক সকাহ হ’ব? প্ৰতিবাদৰ ৰাস্তা অকল ‘বন্ধ’ নেকি? আছুৰ ল'ৰাবোৰে খাটি খাব নালাগে, কাম-বন নকৰে, মাক-বাপেকৰ ওপৰত খায় বা বেপাৰীক ডকা দি ধন সৰকায়, আৰু মোনাভাৰি কৰে— অইন মানুহৰ যে গুৰুত্বপূৰ্ণ কাম-কাজ থাকিব পাৰে, অসুখ-বিসুখ থাকিব পাৰে, আদি ১৪/১৫ বছৰে আছুৰ মূৰত নোসোমাল, সেইবোৰ তুচ্ছ কথা। আছুৰ প্ৰতিক্ৰিয়া ( ৰিফ্লেক্স ) হ’ল পালভৰ কুকুৰটোৰ দৰে ঘণ্টাটো শুনিলেই ভোক লাগে আৰু জিভাৰ পানী বয়, কিবা এটা ঘটিলেই আছুৰ নেতৃত্বৰ মূৰত হমকৈ বাজি উঠে “বন্ধ! বন্ধ!”

 এই অৰ্বাচীন বন্ধবোৰৰ ফলত যোৱা দুই দশক আমি ৰাইজ অতিষ্ঠ হৈ আহিছোঁ, যিটোৰ বিন্দুমাত্ৰ উপযোগিতা বা সুফল নাই, তথাপিয়ো সেই একেবিধ দাম নিদিয়া ঔষধকে খায়েই থাকিব লাগিব, খায়েই থাকিব লাগিব।

 আছু এটা বিশ্বাসঘাতক অনুষ্ঠান ( যিয়ে শ শ শ্বহীদৰ আত্মত্যাগ আৰু সৰ্বসাধাৰণ ৰাইজৰ অশেষ কষ্ট স্বীকাৰৰ বিনিময়ত ৰাজীৱ গান্ধীৰ এক ধমকত ‘অসম চুক্তি’ নামৰ কলংকিত কাগজ টুকুৰাৰে অসমত বাংলাদেশীৰ অবাধ ৰাজত্ব সুনিশ্চিত কৰি দিছে; চুক্তিত আগে আগে এই বিশ্বাসঘাতকতাৰ উমান পাই হাজাৰ হাজাৰ মানুহ দিল্লীৰ পৰা আহি পাবলগীয়া আছুৰ নেতাসকলক পিটিবলৈ বৰঝাৰলৈ যায়, যাৰ ফলত তেওঁলোক বৰঝাৰত নানামি পুনৰ দিল্লীলৈ উভতি যায় )। তাৰ পৰা

৩৮ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা