পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(যেনে— এই লেখকৰ) ছপাবলৈ আমাৰ কাকত-পত্ৰ অসন্মত হৈছিল (ল’ৰাৰ ভয়ত), যাৰ ভয়াৱহ ফল এতিয়া সকলোৱে উপলব্ধি কৰিছে আৰু আমি কোৱা কথাবোৰেই এতিয়া দোহাৰিছে; তেনেদৰে, আলফাই বন্দুকটো টোঁৱাই কোৱা কথাবোৰ ভয়ে ভয়ে সকলোৱে ছপাইছে, কিন্তু আমি অহিংসভাৱে যুক্তি দাঙি ক’ব খোজা কথাখিনি নছপায়। যেনে— কিছুদিন আগেয়ে এখন দৈনিকলৈ আমি পঠোৱা চিঠি এখনৰ অংশবিশেষ আছিল এনেকুৱা :

 ‘স্বাধীন অসম’ এটা সম্ভৱ বা কাম্য কথা হয় নে নহয় তাৰ বাবে আজিকালি অন্ততঃ মুকলি আলোচনা হ’ব পাৰিছে, সেই লক্ষণটোৰ কথাকে ক’ব খুজিছোঁ। আজি কিছুদিন আগলৈকেও এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰাটোৱেই আছিল অসম্ভৱ, সেইটো আছিল ৰাজদ্ৰোহ ‘ডিচিশ্যন’। আমি, এই পত্ৰলেখকে— স্বাধীন অসমৰ কথাটো সদায় কাম্য আৰু বাস্তৱসন্মত বুলি ক’বৰ চেষ্টা কৰি আহিছোঁ (য’তে সুবিধা পাইছোঁ, অধিক ক্ষেত্ৰতে কোনো সুবিধা পোৱা নাই), আমি অসমখন সাৰ্বভৌম আৰু স্বাধীন হোৱাটো বিচাৰোঁ, আৰু প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰি আহিছোঁ যে স্বাধীন অসম এটি আকাশকুসুম বা ‘ইউট’পীয়া’নহয়; ই একেবাৰে ন্যায়োচিত আৰু সম্ভৱ কথা। এই কথা ‘আলফা’ আবিৰ্ভাৱ হোৱাৰ বহু আগৰে পৰা আমি কৈ আহিছোঁ ( অৱশ্যে আমাতকৈয়ো বহু আগেয়ে প্ৰয়াত জ্ঞাননাথ বৰা আদিয়ে অসম যে ভাৰতবৰ্ষৰ ভিতৰত থকাৰ কোনো যুক্তি নাই সেইবোৰ কথা ফঁহিয়াই দেখুৱাই থৈ গৈছে )। প্ৰয়াত বাল গংগাধৰ তিলকে ক’বৰ দৰে, “স্বাধীনতা মোৰ জন্মস্বত্ব”॥ এনেকি— “গান্ধীবাদী” সকলে মনক কৰক! — মোহনদাস গান্ধীয়েও কৈ গৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ লগত অসমৰ কোনো সম্পৰ্ক নাই, অসমে নিজৰ সংবিধান মতে চলা উচিত। যোৱা অসম আন্দোলনৰ কালতো আমি মূল লক্ষ্য (বিদেশী বহিষ্কাৰ) সমৰ্থন কৰিও— সেই আন্দোলনে ভণ্ডামিৰ পথ লোৱাত তাৰ

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা >> ১৫