পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আপোনাক একেবাৰে অন্তৰৰ পৰা ধন্যবাদ নজনাই নোৱাৰিলোঁ। (মোৰ ‘প্ৰবন্ধ’টিৰ কথাখিনি পঢ়িলে এই ভাবাবেশৰ মৰ্ম উপলব্ধি হ’ব)। যি হওক, সেয়ে ‘সূত্ৰধাৰ’ৰ কাষ চাপিলোঁ (আপাতদৃষ্টিত অইন আৰু ক’তো আশা নাই)— ‘প্ৰবন্ধ’টি ( অৰ্থাৎ প্ৰকাশ কৰিব নোৱৰা চিঠিবোৰৰ ঘাই ঘাই কথাখিনি ) প্ৰকাশ কৰিলে বাধিত হ'ম। তাৰ বক্তব্যটোৰ হয়তো এতিয়া অলপ পুৰণি হৈছে, কিন্তু এতিয়া আৰু প্ৰশ্নটো ‘স্বাধীন অসম : কিয় বিচাৰো বা নিবিচাৰো’ নহয়। প্ৰশ্নটো এই : এই ‘প্ৰবন্ধ’টি প্ৰকাশ কৰিব নোৱাৰাৰ কিবা যুক্তি আছে নে? কেইবাগৰাকী সম্পাদকেও স্বীকাৰ কৰিছে যে কথাবোৰ আইনৰ পিনৰ পৰা প্ৰকাশ কৰিব নোৱৰা জাতৰ নহয়, তথাপি তেওঁলোকে চিঠি বা প্ৰবন্ধৰ কথাবোৰ ছপাবলৈ ৰাজী নহ'ল। সাংবাদিক-নীতিৰ খাতিৰত, ‘সূত্ৰধাৰ’ক অস্বস্তিত নেপেলাবলৈ, অন্যান্য কাকত-পত্ৰৰ নাম উল্লেখ নকৰিলোঁ, কিন্তু দৰ্কাৰ হ'লে সেইবোৰ নাম/তাৰিখ দিব পৰা যাব। ইমান দিনৰ পুৰণি ‘প্ৰবন্ধ’টি আপোনালৈ পঠোৱাৰ উদ্দেশ্য এয়ে যে আমাৰ ইচ্ছা, কথাখিনি নথিবদ্ধ থাকক (যাক কয় ‘ফ দ্য ৰেকৰ্ড’), আৰু আপুনি তথা পঢ়ুৱৈ সমাজে যেন বিচাৰ কৰে আমাৰ কথাবোৰ কি কাৰণে বাৰু প্ৰকাশ কৰিব নোৱাৰি, যদি নোৱাৰি।

 আজি কিছুদিনৰ পৰা— নিশ্চয় আলফাৰ ঘোষণাবোৰৰ প্ৰতিক্ৰিয়াৰূপে— কিছুমান প্ৰবন্ধ-পাতি, সম্পাদকলৈ চিঠি আদি ওলাব ধৰিছে, যিবোৰৰ প্ৰতিপাদ্য হ’ল এই যে ‘স্বাধীন অসম’ সম্ভৱ নহয় আৰু কাম্য নহয়। কিন্তু অন্য বহুতো মানুহ আছে (যেনে— এই চিঠিৰ লেখক), যিসকল আলফাৰ সমৰ্থক নহয় কিন্তু যিসকলে ভাবে যে স্বাধীন অসম সম্ভৱ আৰু কাম্য। কিন্তু এইসকলৰ চিন্তাধাৰা কাগজে-পত্ৰে প্ৰকাশ হ’বলৈ দিয়া নহয়—এইটো এক ধৰণৰ ফেচীবাদ— যেনেকৈ যোৱা অসম আন্দোলনৰ সময়ত একমাত্ৰ ‘প্ৰফুল্ল-ভৃগু’ৰ বক্তব্যৰ বাহিৰে আন কাৰো মতামত

১৪ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা