পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপক্ষে মুকলিকৈ মত পোষণ কৰিছিল। সহৃদয় পাঠকে দেখিব সংকলিত চিঠিত স্বাধীন অসমৰ ধাৰণা অলীক নহয় বুলি তেওঁ সজোৰে যুক্তি দিছে। একে সময়তে অৱশ্যে আলফাৰ হঠকাৰী কাৰ্যকলাপৰ শানিত সমালোচনা কৰিছে আৰু আলফাৰদ্বাৰা কেতিয়াও স্বাধীন অসম সম্ভৱ নহয় বুলি যুক্তি তথ্যসহকাৰে দেখুৱাইছে। এই চিঠিসমূহৰ লগতে ‘থামক নামৰ এখন ৰচনা অন্তৰ্ভুক্ত কৰা হৈছে। অন্বেষাৰ শিশুগ্ৰন্থ উৎসৱৰ স্মৰণিকাত ‘Halt’ শিৰোনামেৰে ইংৰাজীত প্ৰকাশিত ৰচনাখন পৰৱৰ্তী সময়ত ‘সাতসৰী’ত প্ৰকাশ পাইছিল। ৰচনাখন যিহেতু তেওঁৰ কোনো গ্ৰন্থত সংকলিত হোৱা নাই সেয়ে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে যাতে সংৰক্ষিত হৈ থাকে। সংকলিত ৰচনাখন তেওঁ ‘সুৰেন্দ্ৰনাথ মেধি’ নামেৰে লিখিছিল। আমি অৱশ্যে ইয়াত ‘সৌৰভ কুমাৰ চলিহা’ৰ নামতেই সংকলিত কৰিছোঁ। কাৰণ লেখকে নিজেই সুৰেন্দ্ৰনাথ মেধি নামত প্ৰকাশিত ৰচনা পৰৱৰ্তী সময়ত সৌৰভ কুমাৰ চলিহাৰ নামতো সংকলন কৰিছে। এইক্ষেত্ৰত ‘দ্ৰোণ আৰু গ্যেটে’ নামৰ কিতাপখন দ্ৰষ্টব্য। সুৰেন্দ্ৰনাথ মেধিয়ে নিজকে সৌৰভ কুমাৰ চলিহা বুলি চিনাকি দিবলৈ অস্বীকাৰ কৰিছিল যদিও তেখেতৰ অনুৰাগীসকলে জানে শেষৰফালে তেখেতৰ সেই দাবী কৰিবলৈ বাদ দিছিল। এইবিষয়ে এক সাক্ষাৎকাৰত তেখেতে নিজে উল্লেখো কৰিছে।

 সংকলনটো প্ৰকাশ কৰি উলিওৱাত ভালেকেইগৰাকী অনুৰাগীয়ে সহায় কৰিছে। কিছুসংখ্যকে আৰ্থিক অনুদানো আগবঢ়াইছে।সকলোলৈকে অনুৰাগী সমাজৰ তৰফৰপৰা আন্তৰিক কৃতজ্ঞতা যাচিছোঁ আৰু ভৱিষ্যতেও সহায়-সমৰ্থন পাম বুলি আশা কৰিছোঁ। শেষত লেখাসমূহ প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে সৌৰভ কুমাৰ চলিহাৰ পৰিবাৰ শ্ৰীযুতা বন্দনা মেধি আৰু কন্যা বৰ্ণালী মেধিক ধন্যবাদ যাচিলোঁ।

১২ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা