পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশ কৰাৰ কথা ভবা হ’ল। তেখেতৰ ইংৰাজী লিখা কিছুমানো আমাৰ হাতত আছে, সেইসমূহো পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ পৰিকল্পনা অনুৰাগী সমাজৰ আছে।

 প্ৰসংগক্ৰমে, অনুৰাগী সমাজৰ কোনো আনুষ্ঠানিক পৰিচালনা সমিতি নাছিল যদিও শেহতীয়াভাৱে যোৱা ১৯ নৱেম্বৰত অনুষ্ঠিত সাধাৰণ সভাৰ সিদ্ধান্তমৰ্মে অনুৰাগী সমাজৰ এখন আনুষ্ঠানিক সমিতি গঠন কৰা হৈছে।

 ভালেকেইগৰাকী সুখ্যাত লেখক-সমালোচক, কবি-গল্পকাৰ প্ৰত্যক্ষভাৱে সম্প্ৰতি সমিতিৰ লগত জড়িত হৈছে। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে সৌৰভ কুমাৰ চলিহাক ভালপোৱা, সৃষ্টিক ভালপোৱা প্ৰতিগৰাকী পাঠককে আমি অনুৰাগী সমাজৰ সদস্য বুলি বিবেচনা কৰো। ‘চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা’ –এই সংকলনখনত মূলতঃ তেওঁৰ কিছুসংখ্যক কাকত-আলোচনীলৈ লিখা চিঠি সন্নিৱিষ্ট কৰা হৈছে। চিঠিসমূহ বিষয়বস্তু প্ৰধানতঃ অসমৰ ৰাজনৈতিক পৰিস্থিতি কেন্দ্ৰিক-আলফা-আছুকেন্দ্ৰিক। অসমৰ সেইসময়ৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত তেখেতৰ স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়াস্বৰূপে চিঠিবোৰ তেখেতে কাকত- আলোচনীলৈ প্ৰেৰণ কৰিছিল৷ দুৰ্ভাগ্যজনকভাৱে চিঠিবোৰ কিন্তু প্ৰকাশ পোৱা নাছিল। একেটা বিষয়ৰ ওপৰতে তেখেতে একাধিক চিঠি লিখিছিল। একেখন চিঠি কিছু সংযোজন-সংশোধন কৰি এখন কাকতত প্ৰকাশ নোপোৱাত অইন এখন কাকতলৈ প্ৰেৰণ কৰিছিল, কিন্তু সেইখনতো প্ৰকাশ পোৱা নাছিল। এনে কাৰণতে স্বাভাৱিকতে ইয়াত সন্নিৱিষ্ট চিঠিসমূহৰ ঠায়ে ঠায়ে পুনৰাবৃত্তি ঘটিছে। আমি চিঠিবোৰ ইয়াত হুবহু তুলি দিছোঁ, ক’তো হাত ফুৰোৱা হোৱা নাই।

 সংকলিত চিঠিবোৰৰ সকলোবোৰ কথাৰ প্ৰাসংগিকতা এতিয়া হয়তো নাই, কিন্তু তাৰ এক ঐতিহাসিক গুৰুত্ব আছে বুলি আমি বিশ্বাস কৰোঁ। অসমৰ বোধহয় তেওঁ একমাত্ৰ আধুনিক লেখক যি স্বাধীন অসমৰ

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ১১