পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উৎসাহ দিছিল।

 ২০১০ চনৰ শেষৰফালে অনুৰাগী সমাজৰ তৰফৰপৰা প্ৰস্তুত কৰা ৱেবছাইটটো (www.sauravkumarchaliha.in) সাজু হৈ উঠিছিল। তাত তেখেতৰ ১৬ টা অনূদিত ইংৰাজী গল্পৰ লগতে মূল অসমীয়া গল্পকেইটা তুলি দিয়া হৈছিল। ৱেবছাইটটোত দিয়াৰ কাৰণে আমি ‘সৌৰভ চলিহাৰ বিষয়ে সৌৰভ চলিহা' নামৰ ৰচনাখন ইংৰাজীলৈ অনুবাদ কৰি দিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেতৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আছিল “নাই, কৰিব পৰা নাযাব”। কিন্তু আমাক আচৰিত কৰি এদিন ফোন কৰি ঘৰলৈ মাতিলে আৰু অনূদিত ৰচনাখন আগবঢ়াই দিলে, ক’লে— “ঠিক কৰি ল’বা”। তেখেতৰ এনে প্ৰশ্ৰয়ত স্বাভাৱিকতে আমি দুগুণে উৎসাহিত হৈছিলো। আমি এটা আৰ্হি চহী দিবলৈ কৈছিলোঁ যাতে ৰচনাখনৰ সৈতে সেই চহীটোও ৱেবছাইটত দিব পৰা যায়। তেখেত বিনাদ্বিধাই সন্মত হৈছিল।

 ইতিমধ্যে অনুৰাগী সমাজৰ তৰফৰপৰা ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো সৌৰভ কুমাৰ চলিহাৰ নামত উদ্‌যাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে নামটো পোনপটীয়াকৈ উল্লেখ কৰাৰপৰা বিৰত থাকি ১ জানুৱাৰীৰ অনুষ্ঠানটিৰ নাম দিয়া হৈছিল ‘এটা ভাল খবৰ’। ( এইবেলিৰপৰা অনুষ্ঠানটো ‘ভাল খবৰৰ দিন’ হিচাপে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ) উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানতেই ৱেবছাইটটো মুকলি কৰা হৈছিল। অনুষ্ঠানটোৰ প্ৰতি অনুৰাগীসকলৰ সঁহাৰি আছিল অভূতপূৰ্ব। গুৱাহাটীৰ লগতে ৰাজ্যৰ চুক-কোণৰ অলেখ অনুৰাগীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল। আনকি প্ৰৱাসত থকা অনুৰাগীসকলেও অনুষ্ঠানটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল আৰু শুভকামনা যাচিছিল। তেখেতক লৈ অলেখ পৰিকল্পনা আমাৰ মনলৈ আহিছিল। কিন্তু সম্পূৰ্ণ অপ্ৰত্যাশিতভাৱে ২০১১ চনৰ ২৫ জুনত, অৰ্থাৎ ‘সৌৰভ কুমাৰ চলিহা’ অৰ্থাৎ অন্তৰালৰ ব্যক্তিজন, অৰ্থাৎ সুৰেন্দ্ৰ নাথ

চলিহৰ চিঠি আৰু অন্যান্য ৰচনা >> ৯