পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অন্যান্য ভাষাৰ পাঠকৰ আগত তুলি ধৰাৰ প্ৰয়াসেৰে সেইবোৰ অনুবাদৰ কথা ভবা হৈছিল (প্ৰথমে তেওঁৰ কিছুসংখ্যক গল্প ইংৰাজী, বাংলা আৰু হিন্দীলৈ অনুবাদৰ কাম আৰম্ভ কৰা হৈছিল।) সৌৰভ কুমাৰ চলিহাৰ অনুৰাগীসকলক এখন মঞ্চত সমৱেত কৰোৱাৰ লগতে তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰাও অনুৰাগী সমাজৰ অন্য এক উদ্দেশ্য আছিল।

 অনুৰাগী সমাজৰ জন্মৰ সময়ত সৌৰভ কুমাৰ চলিহা বেলতলাৰ বাসগৃহত আছিল। তেখেতৰ ঘৰৰ কাষতে অনুৰাগী সমাজৰ এটি সৰু কাৰ্যালয় আছিল আৰু একাংশ অনুৰাগী প্ৰায়ে তাত লগ লাগিছিল। মাজে মাজে তেখেতো তালৈ আহি আড্ডা দিছিল নানা বিষয় লৈ কথা পাতিছিল।

 ইয়াৰ মাজতেই তেওঁৰ গল্পৰ অনুবাদৰ কাম আৰম্ভ হৈছিল। কেইবাগৰাকীও সুদক্ষ অনুবাদক, যিসকল একো একোগৰাকী সৌৰভ কুমাৰ চলিহাৰ লেখাৰ নিষ্ঠাবান পাঠক, কিছু নিৰ্বাচিত গল্প অনুবাদ কৰিবলৈ আগ্ৰহেৰে আগবাঢ়ি আহিছিল। প্ৰথমে লেখক অনুবাদক দেৱাশিস তৰফদাৰ আৰু ‘ছেণ্টিনেল’ (হিন্দী) কাকতৰ সম্পাদক দিনকৰ কুমাৰে ক্ৰমে বাংলা আৰু হিন্দীলৈ অনুবাদৰ কাম আৰম্ভ কৰিছিল। অনুবাদৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ সুবিধাটো আছিল অনূদিত গল্পসমূহৰ প্ৰকাশৰ পূৰ্বে অনুবাদ সম্পৰ্কে তেওঁৰ সৈতে আলোচনা কৰাৰ সুযোগ পোৱাটো। অনূদিত গল্পবোৰ প্ৰকাশৰ পূৰ্বে তেওঁ গভীৰ মনোযোগেৰে পঢ়িছিল আৰু প্ৰয়োজনমতে সংশোধন, সংযোজন কৰিবলৈ পৰামৰ্শ দিছিল। আমি অনুভৱ কৰিছিলোঁ গল্পবোৰ পঢ়াৰ সময়ত যেন তেখেত তৰুণ অৱস্থালৈ উভতি গৈছিল। কি পৰিস্থিতিত সেই গল্পবোৰ লিখিছিল, কেনেদৰে লিখাৰ তাগিদা আহিছিল, সেই বিষয়ে আমাৰ আগত স্বতঃস্ফূৰ্তভাৱে কৈ গৈছিল। সেই দিনবোৰ আমাৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব, কাৰণ তেখেতৰ সান্নিধ্য পোৱাসকলে জানে এনে ধৰণৰ কথা তেওঁ কাচিৎহে পাতে। তেওঁৰ আন্তৰিক অংশগ্ৰহণে আমাক কাম-কাজবোৰ আগবঢ়াই নিবলৈ

৮ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা