পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কটাইছিলো। টিভি, কম্পিউটাৰ, আইপড, ম'বাইল দূৰৈৰ কথা, আমি ৰেডিঅ’ শুনিছিলো কৈশোৰ পাৰ হৈ, টেলিফোনৰ কথা জানিছিলো কিতাপত। বিজুলী বিছনি আমাৰ নাছিল, গাড়ী-মটৰো কাচিৎহে কয়লাৰ ইঞ্জিনে টানিছিল, গুৱাহাটী চহৰত নাছিল কোনো চিটি বাছ, নাছিল ৰিক্সা; ঘোঁৰাৰ গাড়ী আৰু ভৰি দুখনেই আছিল তেতিয়াৰ যান-বাহন। চাপৰৰ পেহীৰ ঘৰলৈ বা বৰটাৰীৰ মাহঁতৰ আতাৰ ঘৰলৈ যাওঁতে যথাক্ৰমে বাসুগাঁও আৰু সৰুপেটা ষ্টেচনৰ পৰা গৰুৰ গাড়ী আৰু হাতীৰ পিঠিত উঠি গৈছিলো। নাতিহঁতে কয় বৰ এডভেঞ্চাৰাছ ভ্ৰমণ। ব্ৰহ্মপুত্ৰৰ ওপৰেদি দলং নথকা বাবে নামনিৰ পৰা ৰে’লেৰে আমিনগাঁও ষ্টেচনলৈ আহি ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ পাণ্ডু পাইছিলো। আমাৰ আতাই আমাক তেওঁলোকৰ দিনৰ কথা কোৱা দূৰৈৰ কথা, নিজৰ জীয়েক-পুতেককো ক’বলৈ সময় নাপালে। গতিকে বহু জানিবলগীয়া প্ৰশ্নৰ উত্তৰ নোপোৱাকৈ থাকিবলগীয়া হ’লো ওৰে জীৱন।

 আনহাতে প্ৰশ্ন নকৰাকৈয়ে আচম্বিতে গৌৰমোহন সম্পৰ্কীয় কথা এষাৰ জানিলো। জনালে ধুবুৰী ডি চি অফিচত কৰ্মৰত মোৰ ভাই—সৰু খুৰা ডাঃ নৰেন্দ্ৰ মোহন দাসৰ পুত্ৰ প্ৰদীপে। অতীত সম্পৰ্কে জানিবলৈ তাৰ এটি কৌতুহলী মন থকা বাবে ধুবুৰীৰ চৰকাৰী মহাফেজখানাত সময় পালে সোমাই পুৰণি নথি-পত্ৰ, গেজেট আদি মেলি চায় তেওঁ। এদিন এশ বছৰীয়া পুৰণি এখন গেজেটৰ পাত লুটিয়াই থাকোতে হঠাতে চকুত পৰিল সপ্তম শ্ৰেণীত পঢ়ি থকা গৌৰমোহন দাসৰ নাম। তাৰ গাৰ নোমবোৰ শিয়ৰি উঠিল। মেছপাৰা এষ্টেটৰ গেজেট নোটিফিকেশ্যনত উল্লেখ কৰা বাতৰিটোত আছিল ব্ৰিটিছ চৰকাৰে কেইজনমান ছাত্ৰক মাহিলি বাৰ অনাকৈ (আজিৰ পয়সত্তৰ পইচা) বৃত্তি প্ৰদান কৰিছে। এই ছাত্ৰসকলৰ ভিতৰত আতাও আছিল এজন। ইয়াৰ পৰা ধাৰণা হয় আতাই বোধকৰো লক্ষীপুৰৰ স্কুলতে পঢ়িছিল। উল্লেখযোগ্য যে মেছপাৰা এষ্টেটতে লক্ষীপুৰ চহৰখন অৱস্থিত।

 সেই সময়ত কলকাতাৰ কলেজত পঢ়া-শুনা কৰি এফ এ (আজিৰ উচ্চ মাধ্যমিক) পাছ কৰা ডেকা অঞ্চলটোত বিৰল আছিল। তদুপৰি তেওঁ আছিল এখন জমিদাৰী এষ্টেটৰ মেনেজাৰ। এতেকে গৌৰমোহন আছিল অঞ্চলটোত Most eligible bachelor।


আতা-আবু গৌৰমোহন দাস আৰু যমুনা সুন্দৰী

চাকৰিত যোগ দিয়াৰ পিছত অভিভাৱকসকলে গৌৰমোহনৰ বিয়াৰ বাবে কইনা চোৱাত লাগিল। তেতিয়াৰ দিনৰ বিয়া-বাৰুবোৰ অনুষ্ঠিত হৈছিল এটা ঠেক গণ্ডীৰ ভিতৰত, আজিৰ দৰে ক্ষেত্ৰখন বহল নাছিল। অনুন্নত যোগাযোগ ব্যৱস্থাই আছিল ইয়াৰ ঘাই কাৰণ। একে ধৰ্ম, একে জাত, একে বৰ্ণৰ মানুহ বাস কৰিছিল ওচৰা ওচৰি গাঁৱত, বিয়া-বাৰুবোৰো হৈছিল তেওঁলোকৰ মাজত। আজিও গ্ৰামাঞ্চলত আৰু চহৰৰো ৰক্ষণশীল পৰিয়ালবোৰত আগৰ নিয়ম প্ৰচলিত হৈ আছে। গণ্ডীৰ বাহিৰলৈ তেওঁলোক ওলাব নোখোজে।

 বৰভিটা গাঁৱৰ প্ৰায় পোনে পোনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাপৰ অঞ্চলতো মানৰ আক্ৰমণত নগাঁৱৰ ফালৰ পৰা পলাই অহা কিছু মানুহে বসতি স্থাপন কৰিছিল। দুয়োটা

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৫