পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লপ্‌চিহে খাবলৈ দিয়ে তাত। লপ্‌চিত চাউলতকৈ পানীৰ পৰিমাণ বেছি। গতিকে এইবিধ খাদ্য পি খোৱাৰ উপযুক্ত।

 শুনা কাহিনী বাদ দি এতিয়া জনা কাহিনীলৈ আহো। হীৰা-জীৰা পৰিয়ালৰ উত্তৰপুৰুষ সভাৰাম দাসৰ পুত্ৰ গোবিন্দ দাস। তেওঁৰ পুত্ৰ গৌৰমোহন আমাৰ আতা। দাস উপাধিটো বৰ গণ্ডগোলীয়া। উপাধিটো শুনি ঠাৱৰ কৰিব নোৱাৰি উপাধিধাৰীৰ জাত কি? পশ্চিম অসমত দাসসকল ঘাইকৈ কলিতা। আজিৰ অনেক জাত্যাভিমানী দাস উপাধিধাৰীয়ে পূৰ্বপুৰুষৰ উপাধি ত্যাগ কৰি কলিতা উপাধি আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। সি যি কি নহওঁক, আতা গৌৰমোহনে এণ্ট্ৰেন্স অৰ্থাৎ মেট্ৰিক পাছ কৰি কলকাতালৈ গৈছিল এফ এ পঢ়িবলৈ ঊনৈশ শতিকাৰ আশীৰ দশকত। তেতিয়াৰ দিনত অসমলৈ ৰেল লাইন অহা নাছিল, গতিকে অসমৰ মানুহে জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি ভটিয়াই গৈ বংগদেশৰ গোৱালন্দ বন্দৰত নামি তাৰ পৰা ৰেলেৰে কলকাতালৈ গৈছিল।

 ১৯৮৯ চনত বাংলাদেশৰ ৰাজশাহী বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে মই এখন চেমিনাৰত যোগ দি সমগ্ৰ বাংলাদেশত এপাক মাৰি কলকাতালৈ উভতি আহোতে গোৱালন্দ হৈ আহিছিলো। নৈৰ বালিত নামি আপোন পাহৰা হৈ এটা শতাব্দী পিছলৈ উভতি গৈছিলো সিদিনা। একেখন নৈ বৈ গৈ আছে অনাদি-অনন্ত কাল ধৰি, তটভূমিৰ বালুকা ৰাশিও একেদৰেই আছে। ভৌগোলিক পৰিবৰ্তন কিন্তু হোৱা নাই বুলি নকও, কিন্তু এই শতিকাতে নিশ্চয় আমূল কোনো পৰিবৰ্তন হোৱা নাই। সিদিনা গোৱালন্দৰ যি বালিত মই নামিলো তাতেই নামিছিল কলকাতালৈ পঢ়িবলৈ যোৱা আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, আনন্দৰাম বৰুৱা, গুণাভিৰামকন্যা স্বৰ্ণলতা, আমাৰ আতা গৌৰমোহন, মাৰ জেঠা ধৈৰ্যনাৰায়ণ প্ৰমুখ্যে বিদ্যানুৰাগী ছাত্ৰসকল। মই কল্পনাৰ চকুৰে দেখা পালো জাহাজঘাটত লংগৰ পেলোৱা জাহাজবোৰৰ পৰা ব্যস্ত হৈ নামি অহা অসমৰ ছাত্ৰসকলক। গৌৰমোহনকো দেখিলো। বালিত কাৰো পদচিহ্ন নাথাকে বুলি জানিও তেওঁলোকৰ ভৰিৰ খোজ বিচাৰি ফুৰিলো নিচাগ্ৰস্তৰ দৰে। একো বিচাৰি নাপাই একাজলি বালি হাতত তুলি লৈ প্ৰণাম কৰিলো। কি যে এক অদ্ভুত অনুভূতিত মোৰ অন্তৰাত্মা বুৰ গ'ল তাক প্ৰকাশ কৰাৰ ভাষা মোৰ নাই।

 ভাগ্য বোলা এটা অদৃশ্য পদাৰ্থ আছে নে নাই নাজানো, কম বয়সত ভাগ্যক বিশ্বাস কৰিলেও পৰিণত বয়সত সেই বিশ্বাস ধৰি ৰাখিবলৈ যুক্তি বিচাৰি পোৱা নাই। মানুহে নিজৰ ভাগ্য গঢ়ে নিজেই। তথাপিতো কেতিয়াবা দুৰ্বল মুহূৰ্তত পুৰণি বিশ্বাসে উক দি উঠে। ভাগ্যৰ ওপৰত খৰ্গহস্ত হওঁ তেতিয়া। তাক সোধো আতা কিয় তেতিয়াৰ দিনৰ কথাবোৰ নাতি-নাতিনীহঁতক ক’বলৈ জীয়াই নাথাকিল। তেওঁ কলকাতাৰ কোন কলেজত পঢ়িছিল, কোন কোন অসমীয়া ছাত্ৰক তেওঁ চিনি পাইছিল, তেওঁলোকৰ ল'ৰালিকালত সমাজখন কেনে আছিল ইত্যাদি ইত্যাদি বহুতো প্ৰশ্নৰ উত্তৰ দিবলৈ কিয় মোৰ ভাগ্যই তেওঁক জীয়াই নাৰাখিলে। আমাৰ নাতিহঁতক আমাৰ দিনৰ কথা ক'লে সিহঁতে মন্ত্ৰমুগ্ধ হৈ শুনি থাকে। আচৰিত হয় যেতিয়া কওঁ আমি হেৰিকেন লেম্পৰ পোহৰত গধূলিবোৰ

১৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি